নগাঁও, ০৩ নৱেম্বৰ (হি.স.)। নগাঁৱৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীৰ মৃত্যু্।
নগাঁও চহৰৰ সমীপৰ কহুৱাতলিৰ সৰবৰহী মহিলা প্ৰভাৱতী নাথৰ যোৱা নিশা মৃত্যু হয়। নগাঁৱৰ উদয় চন্দ্ৰ শইকীয়া উচ্চ মাধ্যমিক বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰভাৱতী নাথ অঞ্চলটোৰ বিভিন্ন সামাজিক – সাংস্কৃতিক কাম কাজৰ লগত জড়িত আছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছা পৰিছে।মৃত্যুৰ সময়ত তেওঁ স্বামী কৃষ্ণকান্ত নাথ ,তিনিপুত্ৰ ,বোৱাৰী ,নাতি- নাতিনী সহ বহু আত্মীয় স্বজন ইহসংসাৰত এৰি থৈ গৈছে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৮ বছৰ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু
