ধুবুৰী, ১৬ ফেব্ৰুৱাৰী : আজিৰে পৰা আৰম্ভ হাইস্কুল শিক্ষান্ত পৰীক্ষা । এইবেলি অসমৰ ৯১৩ খন পৰীক্ষা কেন্দ্ৰত মুঠ ৪,২৫, ৯৬৬ গৰাকী পৰীক্ষাৰ্থী অৱতীৰ্ণ হ’ব হাই স্কুল শিক্ষান্ত পৰীক্ষাত । সমান্তৰাল ভাৱে তামাৰহাট পৰীক্ষা কেন্দ্ৰত ৭৩৩ গৰাকী ছাত্ৰ ছাত্ৰী পৰীক্ষাত অৱতীৰ্ণ হ’ব । পৰীক্ষাত ছাত্ৰ-ছাত্ৰীয়ে যাতে কোনোধৰণৰ অসৎ পথ অৱলম্বন কৰিব নোৱাৰে তাৰ বাবে পৰীক্ষাৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰিছে কৰ্তৃপক্ষই ।
