• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে — সুনীল আম্বেকাৰ
National

প্ৰাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে — সুনীল আম্বেকাৰ

CliQ INDIA
Last updated: September 8, 2025 9:24 am
CliQ INDIA
Share
4 Min Read
SHARE

-শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰীয় জীৱনৰ বিভিন্ন দিশৰ ওপৰত বিস্তৃত আলোচনাৰে নিখিল ভাৰত সমন্বয় সভাৰ সামৰণি

যোধপুৰ, ০৭ ছেপ্টেম্বৰ (হি.স.)। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় সমন্বয় বৈঠক সম্পৰ্কে আজি ৰাজস্হানৰ যোধপুৰৰ লালসাগৰত অনুষ্ঠিত সংবাদমেলত অখিল ভাৰতীয় প্ৰচাৰ প্ৰমুখ সুনীল আম্বেকাৰে শিক্ষা, সমাজ আৰু ৰাষ্ট্ৰীয় জীৱনৰ বিভিন্ন দিশকে ধৰি সংঘ শতবৰ্ষৰ পৰিকল্পনা সন্দৰ্ভত বিস্তৃতভাৱে প্ৰকাশ কৰে ৷

যোৱা পাঁচ ছেপ্টেম্বৰৰ পৰা সাত ছেপ্টেম্বৰলৈ ৰাজস্হানৰ যোধপুৰত তিনিদিনীয়াকৈ অনুষ্ঠিত সমন্বয় বৈঠকত শিক্ষা খণ্ডক বিশেষ গুৰুত্ব দিয়া বুলি তেওঁ অৱগত কৰে। সৰ্বভাৰতীয় ৰাষ্ট্ৰীয় শিক্ষাক মহাসংঘ, বিদ্যা ভাৰতী, শিক্ষা সাংস্কৃতিক উত্থান ন্যাস, ভাৰতীয় শিক্ষন মণ্ডল, অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদকে ধৰি বিভিন্ন সংগঠনে নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতি ৰূপায়ণৰ অভিজ্ঞতা সন্দৰ্ভত মত-বিনিময় কৰে।

শিক্ষাৰ ক্ষেত্ৰত ভাৰতীয় ভাষাৰ প্ৰসাৰৰ বাবে প্ৰাথমিকৰ পৰা উচ্চ শিক্ষালৈ মাতৃভাষাত অধ্যয়নক উৎসাহিত কৰাৰ বাবে ইতিবাচক প্ৰচেষ্টা চলোৱা হৈছে বুলিও তেখেতে উল্লেখ কৰে। ভাৰতীয় জ্ঞান পৰম্পৰা আৰু শিক্ষাৰ ভাৰতীয়কৰণৰ বাবে কিতাপ পুনৰ লিখা আৰু শিক্ষক প্ৰশিক্ষণৰ কামো চলি আছে বুলি সংবাদমেল যোগে প্ৰকাশ কৰি তেখেতে দেশৰ সামাজিক অৱস্থা সন্দৰ্ভত উল্লেখ কৰে। আনহাতে, পঞ্জাৱত বৰ্ধিত ধৰ্মান্তৰকৰণ আৰু যুৱক-যুৱতীসকলৰ মাজত ড্ৰাগছ আসক্তিৰ প্ৰসাৰক লৈ উদ্বেগ প্ৰকাশ কৰাৰ লগতে সেৱা ভাৰতী আৰু বিদ্যাৰ্থী পৰিষদে সামাজিক সজাগতা আৰু নিচামুক্ত অভিযানৰ বিষয়ে তথ্য প্ৰকাশ কৰে। বাংলাদেশৰ পৰা অনুপ্ৰৱেশ আৰু পশ্চিম বংগত নাগৰিক নিৰাপত্তাৰ সৈতে জড়িত প্ৰত্যাহ্বানক লৈ প্ৰচাৰ প্ৰমুখ গৰাকীয়ে গুৰুতৰ উদ্বেগ প্ৰকাশ কৰাৰ বিপৰীতে উত্তৰ-পূবৰ ৰাজ্যসমূহত হিংসা

হ্ৰাস পোৱা আৰু বৃদ্ধি পোৱা উন্নয়নৰ লক্ষণসমূহ ইতিবাচক বুলি উল্লেখ কৰে। মণিপুৰত শেহতীয়াকৈ সংঘটিত হোৱা ঘটনা সমূহৰ ওপৰত আলোচনা ভিত্তিক শান্তি প্ৰচেষ্টাৰ শলাগ লোৱা হয়। তদুপৰি, জনজাতীয় অঞ্চলৰ প্ৰেক্ষাপটত সন্দৰ্ভত নক্সাল আৰু মাওবাদী হিংসা হ্ৰাস পাইছে, কিন্তু সমাজখনক বিপথে পৰিচালিত কৰাৰ প্ৰচেষ্টা এতিয়াও চলি আছে। বনবাসী কল্যাণ আশ্ৰমে হোষ্টেল আৰু জনজাতীয় অধিকাৰ সন্দৰ্ভত কৰা কামৰ কথা উল্লেখ কৰি ভাৰতীয় পৰম্পৰা আৰু ৰাষ্ট্ৰীয় ধাৰণা আদিবাসী সমাজলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতবৰ্ষৰ পৰিকল্পনা সন্দৰ্ভতো বিতংভাৱে আলোচনা কৰা হয়। পৰিৱেশ সুৰক্ষা, পৰিয়াল প্ৰবোধন আৰু নাগৰিক কৰ্তব্য আদি বিষয়ৰ ওপৰত বিশেষ কাৰ্যসূচী চলোৱা হ’ব। অহা ২ অক্টোবৰত নাগপুৰত বিজয়দশ্মী উৎসৱৰ জৰিয়তে শতবাৰ্ষিকী আনুষ্ঠানিকভাৱে উদ্বোধন কৰা হ’ব বুলি প্ৰকাশ কৰে । বিভিন্ন স্তৰত মহিলাৰ অংশগ্ৰহণৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰি সুনীল আম্বেকাৰ জীয়ে কয় যে ক্ৰীড়া ভাৰতীয়ে মহিলা খেলুৱৈৰ মাজত যোগ , জ্ঞান আৰু অধ্যয়নৰ প্ৰসাৰ ঘটাইছে। অপাৰেচন সিন্দুৰৰ অধীনত মহিলা কৰ্মীসকলে আয়োজন কৰা ৮৮৭ টা কাৰ্যসূচীৰ কথা উল্লেখ কৰি তেওঁ কয় যে সংগঠনসমূহত মহিলাসকলৰ অংশগ্ৰহণ অহৰহ বৃদ্ধি পাইছে। ধৰ্মান্তৰকৰণ, অনুপ্ৰৱেশ, কাশী-মথুৰা আদি বিষয় সন্দৰ্ভত নিজৰ মতামত প্ৰকাশ কৰি প্ৰচাৰ প্ৰমুখ গৰাকীয়ে এই সমস্যাসমূহৰ সমাধান সংগ্ৰাম বা আন্দোলনৰ দ্বাৰা নহয়, আইনী আৰু পাৰস্পৰিক আলোচনাৰ জৰিয়তেহে পোৱা যাব বুলি স্পষ্ট কৰি দিয়ে।

ভাষাৰ প্ৰশ্ন সন্দৰ্ভত তেওঁ কয় যে প্ৰাথমিক শিক্ষা মাতৃভাষাত হ’ব লাগে আৰু সকলো ভাৰতীয় ভাষাৰ প্ৰতি সন্মান আৱশ্যক। ইংৰাজীৰ কোনো বিৰোধিতা নাই যদিও শিক্ষা আৰু শাসন ব্যৱস্থাত ভাৰতীয় ভাষাই উপযুক্ত স্থান লাভ কৰা উচিত বুলি মন্তব্য কৰে ৷ আজিৰ সংবাদমেলৰ যোধপুৰ প্ৰান্ত সংঘচালক হৰদয়াল বাৰ্মা, অখিল ভাৰতীয় সহ-প্ৰচাৰ প্ৰমুখ নৰেন্দ্ৰ ঠাকুৰ আৰু প্ৰদীপ যোশীও উপস্থিত থাকে।

হিন্দুস্থান সমাচাৰ / আলোক চক্ৰৱৰ্তী

You Might Also Like

জীয়াই থকালৈকে কংগ্ৰেছক সংবিধান সলনি কৰিবলৈ নিদিওঁঃ প্ৰধানমন্ত্ৰী মোডী
মুখ্য তথ্য আয়ুক্ত হিচাপে হীৰালাল চামৰীয়াক ৰাষ্ট্ৰপতিৰ শপত গ্ৰহণ
প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে মহিলাই আহ্বান জনোৱা বিহাৰ বন্ধত স্তব্ধ জনজীৱন
আজি মহাৰাষ্ট্ৰত প্ৰধানমন্ত্ৰী মোডী আৰু অমিত শ্বাহৰ নিৰ্বাচনী প্ৰচাৰ | BulletsIn
তিৰুৱনন্তপুৰমৰ পৰা দিল্লী অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমানৰ চেন্নাইত জৰুৰীকালীন অৱতৰণ, কথমপি ৰক্ষা পৰিল যাত্ৰীসকল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়াৰ ‘ফিট ইণ্ডিয়া ছাণ্ডে অন চাইকেল’ত অংশগ্ৰহণ, থলুৱা সামগ্ৰী গ্ৰহণ কৰিবলৈ আহ্বান
Next Article অধিবক্তা পৰিষদ, অসম প্ৰান্তৰ প্ৰতিষ্ঠা দিৱস উৎযাপন, উপস্থিত অধিবক্তা অশ্চিনী কুমাৰ উপাধ্যায়
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?