নিউয়ৰ্ক (আমেৰিকা), ০৮ ছেপ্টেম্বৰ (হি.স.)। স্পেনিছ খেলুৱৈ কাৰ্লোছ আলকাৰাজে ইটালীৰ জেনিক ছিনাৰক পৰাস্ত কৰি ইউ এছ অ’পেন পুৰুষৰ একক খিতাপ দখল কৰে। কাৰ্লোছে জানিকক পৰাস্ত কৰি বিশ্বৰ ১ নম্বৰ ৰেংকিং লাভ কৰে। দেওবাৰে আৰ্থাৰ এছ ষ্টেডিয়ামৰ বিলি জিন কিং নেশ্যনেল টেনিছ চেণ্টাৰত অনুষ্ঠিত ইউ এছ অ’পেন পুৰুষৰ ফাইনেলত কাৰ্লোছে জানিকক ৬-২, ৩-৬, ৬-১, ৬-৪ ব্য়ৱধানত পৰাস্ত কৰে।
দ্য নিউয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি স্পেইনৰ দ্বিতীয় ছিড খেলুৱৈ কাৰ্লোছ আলকাৰাজে ইটালীৰ প্ৰথম ছিড খেলুৱৈ জেনিক চিনাৰক দ্ৰুতগতিত আৰু কৌশলগতভাৱে ৰোমাঞ্চকৰ মেচত পৰাস্ত কৰে। স্কাই স্প’ৰ্টছৰ প্ৰতিবেদন অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ উপস্থিতিত ২৪ হাজাৰ দৰ্শকৰ ক্ষমতা থকা আৰ্থাৰ এছ ষ্টেডিয়ামখন মাত্ৰ দুই তৃতীয়াংশই ভৰি পৰিছিল। নিৰাপত্তাৰক্ষীৰ পৰীক্ষাৰ বাবে চূড়ান্ত মেচখন আধা ঘণ্টা পলমকৈ আৰম্ভ হোৱাৰ বাবে খেলপথাৰৰ বাহিৰত শাৰী পাতি থিয় হৈছিল হাজাৰ হাজাৰ অনুৰাগী।
ৰাষ্ট্ৰীয় সংগীতৰ সময়ত ট্ৰাম্পক পৰ্দাত দেখুওৱাৰ সময়ত মানুহে মিশ্ৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছিল। প্ৰথম ছেটৰ শেষত তেওঁক পুনৰ হাইলাইট কৰাত জোৰেৰে হুটিং হৈছিল। শেষত আলকাৰাজে এক উজ্জ্বল সেৱাৰে ৬-২, ৩-৬, ৬-১, ৬-৪ ব্য়ৱধানত জয়লাভ কৰি ষষ্ঠটো গ্ৰেণ্ড শ্লেম খিতাপ নিশ্চিত কৰে।
এই উপলক্ষে আলকাৰাজে কয়, মই মোৰ পৰিয়ালতকৈ আপোনাক বেছি চাইছো। মোৰ চৌপাশৰ মানুহক লৈ মই অতি গৌৰৱান্বিত। মোৰ প্ৰতিটো কৃতিত্ব আপোনাৰ বাবেই। ই আপোনাৰ বাবেই। এই কৃতিত্ব আপোনাৰ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
