নতুন দিল্লী, ২০ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহ আৰু অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজে আজি পুৱা ভাৰত আৰু বিদেশত বসবাস কৰা সকলো ভাৰতীয়লৈ দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে। সকলোৱে এক্সত নিজৰ শুভেচ্ছা পোষ্ট কৰে।
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ অফিচিয়েল এক্স একাউণ্টত প্ৰকাশ পোৱা তথ্য অনুসৰি দীপাৱলীৰ শুভ ক্ষণ উপলক্ষে ভাৰত আৰু বিদেশৰ সকলো ভাৰতীয়লৈ অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত লিখিছে, সকলো দেশবাসীলৈ দীপাৱলীৰ আন্তৰিক শুভেচ্ছা। পোহৰৰ এই পবিত্ৰ উৎসৱে সকলোৰে জীৱনক সুখ, সমৃদ্ধি, আৰু সম্প্ৰীতিৰে আলোকিত কৰক। এয়া মোৰ কামনা।
কেন্দ্ৰীয় গৃহ আৰু সমবায় মন্ত্ৰী অমিত শ্বাহে এক্সত লিখিছে, পোহৰ আৰু আনন্দৰ উৎসৱ দীপাৱলীত সকলোকে আন্তৰিক শুভেচ্ছা জনাইছো। সকলোৰে স্বাস্থ্য আৰু সমৃদ্ধিৰ বাবে ভগৱান শ্ৰী ৰামৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
ইফালে বিদেশৰ পৰাও অভিনন্দন বাৰ্তা আহিবলৈ আৰম্ভ কৰিছে। অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী এণ্টনি আলবানিজেও দীপাৱলীৰ শুভেচ্ছা জ্ঞাপন কৰে।
हिन्दुस्थान समाचार / অৰৱিন্দ
