মুম্বাই, ২৮ জুন (হি.স.)। অভিনেত্ৰী শ্বেফালী জাৰিৱালাৰ আকস্মিক মৃত্যুৱে মনোৰঞ্জন জগতত জোকাৰণিৰ সৃষ্টি কৰিছে। ৪২ বছৰীয়া শ্বেফালীক কালি নিশা বুকুৰ বিষ অনুভৱ কৰাত মুম্বাইৰ বেলভিউ হাস্পতাললৈ লৈ যোৱা হয়, য’ত চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে। প্ৰাথমিক দৃষ্টিত শ্বেফালিৰ মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে যদিও আনুষ্ঠানিকভাৱে এতিয়াও নিশ্চিত হোৱা নাই। তেওঁৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে। ইফালে, শনিবাৰে মুম্বাই আৰক্ষীৰ এটা দল আৰু ফৰেনছিক দলে তেওঁৰ বাসগৃহত উপস্থিত হয়। এই গোচৰৰ অধিক তদন্ত চলি থকা বুলি আৰক্ষীয়ে অৱগত কৰিছে।
মুম্বাই আৰক্ষীয়ে জনোৱা মতে, মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে এক বিবৃতিত কয় যে, অভিনেত্ৰীগৰাকী মুম্বাইৰ আন্ধেৰী অঞ্চলত বাস কৰিছিল। তেওঁৰ স্বামী আৰু পৰিয়ালৰ অন্যান্য সদস্যই তেওঁক গভীৰ নিশা চিকিৎসালয়লৈ লৈ যায়, য’ত চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে।
শ্বেফালীয়ে স্বামীৰ সৈতে আন্ধেৰীৰ গোল্ডেন ৰেইজ নামৰ এটা অট্টালিকাত বাস কৰিছিল। তাত থকা নিৰাপত্তাৰক্ষীয়ে যোৱা নিশাৰ ঘটনা সন্দৰ্ভত তথ্য দিয়ে। চকীদাৰজনে ক’লে, নিশা প্ৰায় ১০ বা ১০:১৫ মান বজাত বিল্ডিঙৰ পৰা গাড়ী এখন খুব বেগেৰে ওলাই আহিছিল। ইয়াৰ গতি অতি বেছি আছিল, যেন কোনোবাই জৰুৰীকালীন অৱস্থাত ওলাই আহে। গাড়ীখনত ক’লা আইনা আছিল, গতিকে ভিতৰত কোন আছে সেয়া স্পষ্টকৈ দেখা পোৱা নাছিল। শ্বেফালি তাত আছিল নে নাই মই ক’ব নোৱাৰো। শেষবাৰৰ বাবে তেওঁক কালি আগদিনা, স্বামীৰ সৈতে ওলাই গৈছিল। সেইসময়ত তেওঁক একেবাৰে স্বাভাৱিক দেখা গৈছিল।
শ্বেফালী জাৰিৱালাৰ কথা কওঁতে তেওঁ ১৯৮২ চনৰ ১৫ ডিচেম্বৰত গুজৰাটৰ আহমেদাবাদত জন্মগ্ৰহণ কৰিছিল। বহু টিভি শ্ব’, ছবি আৰু গীত এলবামত কাম কৰি আহিছে অভিনেত্ৰীগৰাকীয়ে। শ্বেফালীয়ে ‘নাচ বালিয়ে’ শ্ব’তো অংশগ্ৰহণ কৰিছিল। ‘বিগ বছ ১৩’ত প্ৰতিযোগী হিচাপে অভিনয় কৰিছিল তেওঁ। উল্লেখ্য় যে ২০০৪ চনত সংগীত শিল্পী হৰমীত সিঙৰ সৈতে শ্বেফালিৰ প্ৰথম বিবাহ হয়। ২০০৯ চনত দুয়োৰে বিবাহ বিচ্ছেদ হয়। তাৰ পিছত ২০১৫ চনত অভিনেত্ৰীগৰাকী পৰাগ ত্যাগীৰ সৈতে বিবাহপাশত আবদ্ধ হয়।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
