নতুন দিল্লী, ২১ নৱেম্বৰ (হি.স.)। ভাৰতৰ সৰ্ববৃহৎ দাতব্য চকু চিকিৎসালয় শংকৰ নেত্ৰাৰালয়ৰ প্ৰতিষ্ঠাপক ডাঃ এছ এছ বদ্ৰিনাথৰ মঙলবাৰে চেন্নাইত মৃত্যু হয়। উল্লেখযোগ্য সেৱাৰ বাবে তেওঁক পদ্মভূষণেৰে সন্মানিত কৰা হয়। তেওঁ পদ্মশ্ৰী আৰু ডা° বি চি ৰয় বঁটাৰ দৰে বহু সন্মান লাভ কৰে।
তামিলনাডু কংগ্ৰেছৰ উপ-সভাপতি ৰাম সুগন্থনে ডা০ বদ্ৰীনাথৰ মৃত্যুৰ তথ্য টুইটাৰযোগে শ্বেয়াৰ কৰি তেওঁক শ্ৰদ্ধাঞ্জলি জনায়। ৮৩ বছৰীয়া ডাঃ চেংগামেদু শ্ৰীনিবাস বদ্ৰিনাথে বিদেশত অধ্যয়ন কৰি বিস্তৃত গৱেষণা কৰি ১৯৭৮ চনত মাদ্ৰাজত এদল দানবীৰৰ সৈতে মেডিকেল এণ্ড ভিজন ৰিচাৰ্চ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল। শংকৰ নেত্ৰালয় হৈছে মেডিকেল ৰিচাৰ্চ ফাউণ্ডেশ্যনৰ এখন দাতব্য অলাভজনক চকু চিকিৎসালয় আৰু ইউনিট। তথ্য অনুসৰি প্ৰতিদিনে দেশৰ প্ৰতিটো কোণৰ পৰা গড়ে ১২০০ গৰাকী চকু সম্পৰ্কীয় ৰোগী ইয়াত উপস্থিত হয় আৰু প্ৰতিদিনে ১০০ টা অস্ত্ৰোপচাৰ কৰা হয়।
হিন্দুস্থান সমাচাৰ/সঞ্জীৱ/মনোজ
