হাইলাকান্দি, ২৮ জুন (হি.স.)। হাইলাকান্দি জিলাৰ জামিৰা গাঁও পঞ্চায়তৰ সদ্য নিৰ্বাচিত ৪ নম্বৰ ৱাৰ্ডৰ সদস্য মুস্তাক আহমেদ চৌধুৰীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উঠিছে। অভিযোগ অনুসৰি, তেওঁ নিজৰ তৃতীয় সন্তান জন্মৰ তথ্য লুকুৱাই পঞ্চায়ত নিৰ্বাচনত অংশ লৈ জয়ী হৈছে।স্থানীয় দুজন বাসিন্দা, আব্দুল কালাম মজুমদাৰ আৰু আব্দুল লতিফ লস্কৰে ইতিমধ্যে গাঁও পঞ্চায়ত সচিবৰ কাৰ্যালয়ত আনুষ্ঠানিকভাৱে অভিযোগ দাখিল কৰিছে।
অভিযোগত উল্লেখ আছে, মুস্তাক আহমেদে মনোনয়ন পত্ৰত কেৱল দুজন সন্তানৰ তথ্য দিছিল, যদিও নথিপত্ৰ অনুযায়ী তেওঁৰ পত্নী হুছনাৰা বেগমে ২০১৮ চনৰ ২৫ ছেপ্টেম্বৰ তাৰিখে তৃতীয় সন্তান কুশবুবা খানম চৌধুৰীৰ জন্ম দিছিল।শিক্ষা প্ৰতিষ্ঠান, জন্ম পঞ্জীয়ন আৰু আশা কৰ্মীৰ ৰেকৰ্ডৰ পৰা জানিব পৰা গৈছে যে কুশবুবা বৰ্তমান দ্বিতীয় শ্ৰেণীত পঢ়ে আৰু ৫টা চৰকাৰী টিকাকৰণো সম্পন্ন হৈছে। ২০১৮ চনৰ ১৯ মাৰ্চৰ পিছত যিয়ে তৃতীয় সন্তান জন্মায়, তেওঁ অসম পঞ্চায়ত আইনৰ অধীনত নিৰ্বাচন লড়িবলৈ অযোগ্য — এই বিধি উলংঘনৰ অভিযোগত অভিযোগকাৰীয়ে সদস্য পদ বাতিলৰ দাবী জনাইছে।এই অভিযোগ পূৰ্বে মমতাজ খানম মজুমদাৰ নামৰ প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে ২২ এপ্ৰিলত উপায়ুক্তৰ ওচৰতো দাখিল কৰিছিল। এতিয়ালৈকে প্ৰশাসনে কাৰ্যকৰী পদক্ষেপ নলোৱাৰ অভিযোগো তুলি ধৰা হৈছে।বৰ্তমান এই ঘটনাই জিলা ৰাজনীতিৰে লগতে আইনী ব্যৱস্থাৰ কার্যকৰিতা লৈ ব্যাপক আলোচনাৰ সৃষ্টি কৰিছে। অভিযোগ প্ৰমাণিত হ’লে, এইটো মাথোঁ মুস্তাক চৌধুৰীৰ বাবে নহয়, সমগ্ৰ পঞ্চায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এটা গুৰুত্বপূর্ণ দৃষ্টান্ত হ’ব বুলি ধাৰণা কৰা হৈছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
