পাটনা, ০৭ আগষ্ট (হি.স.)। অযোধ্যাৰ ভৱ্য় ৰাম মন্দিৰৰ দৰেই, বিহাৰৰ পুনৌৰাধামত মাতা জনাকী মন্দিৰৰ আধাৰশিলা অহা ৮ আগষ্ট অৰ্থাৎ শুকুৰবাৰে স্থাপন হ’ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মন্দিৰ কমপ্লেক্সৰ আধাৰশিলা স্থাপন কৰিব। এই অনুষ্ঠানৰ বাবে ভৱ্য় প্ৰস্তুতি চলোৱা হৈছে।
মন্দিৰৰ আধাৰশিলা স্থাপনৰ বাবে জয়পুৰৰ পৰা বিশেষ ৰূপৰ কলহ, ভাৰতৰ ২১খন প্ৰধান তীৰ্থস্থানৰ পৰা মাটি আৰু ৩১খন পবিত্ৰ নদীৰ পৰা পানী অনা হ’ব। দক্ষিণ ভাৰতৰ বালাজী মন্দিৰ তিৰুপতিৰ দৰে ইয়াত ৫০ হাজাৰ পেকেট লাড়ু তৈয়াৰ কৰা হৈছে। দক্ষিণ ভাৰতৰ বিশেষজ্ঞ শিপিনী বিশেষভাৱে আহিছে লাডু বনাবলৈ। গংগাকে ধৰি ১১খন পবিত্ৰ নদীৰ পানীৰে এই লাড়ুবোৰৰ সংকল্প স্নান কৰা হ’ব, যাৰ ফলত কাৰ্যসূচীৰ ঐশ্বৰিকতা আৰু অধিক বৃদ্ধি পাব।
মন্দিৰ কমপ্লেক্সত ভক্তসকলৰ বাবে আধুনিক সা-সুবিধা উপলব্ধ হ’ব
৬৭ একৰ মাটিত নিৰ্মাণ হ’বলগীয়া এই মন্দিৰটোত ১৫১ ফুট উচ্চতাৰ এটা গ্ৰেণ্ড মন্দিৰ নিৰ্মাণ কৰা হ’ব, যিটো ২০২৮ চনৰ ভিতৰত সম্পূৰ্ণ হোৱাৰ পৰিকল্পনা কৰা হৈছে। মন্দিৰ কমপ্লেক্সত ভক্তসকলৰ বাবে বহু সা-সুবিধা থাকিব। ইয়াত যজ্ঞ মণ্ডপ, সংগ্ৰহালয়, অডিটৰিয়াম, কেফেটেৰিয়া, শিশুৰ খেলপথাৰ, ধৰ্মশালা, সীতা বাটিকা, লাভকুশ বাটিকা, ভজন সন্ধ্যা স্থল, যাত্ৰী ছাত্ৰাবাস ভৱন, যাত্ৰী গেষ্ট হাউচ, ই-কাৰ্ট ষ্টেচন, মিথিলা হাট, পাৰ্কিং, পথ প্ৰদৰ্শনী আৰু অন্যান্য সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে।
মন্দিৰ কমপ্লেক্সত মাতা সীতাৰ সৈতে জড়িত ঐতিহাসিক প্ৰমাণ, তথ্য আৰু কাহিনী প্ৰদৰ্শন কৰা হ’ব, যাতে ইয়ালৈ অহা ভক্তসকলেও ধৰ্মীয় আৰু সাংস্কৃতিক জ্ঞান লাভ কৰে। ইয়াৰ উপৰিও মাতা জনাকী কুণ্ডকো সৌন্দৰ্য্যবৰ্ধন কৰা হ’ব।
বিহাৰৰ মুখ্যমন্ত্রী নীতিশ কুমাৰৰ উপৰি বহু কেন্দ্রীয় আৰু ৰাজ্যিক মন্ত্রীয়ে এই মহান অনুষ্ঠানত অংশগ্রহণ কৰিব৷ লগতে এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হ’বলৈ ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ পৰা বৃহৎ সংখ্যক সাধু-সন্ত আৰু হাজাৰ হাজাৰ ভক্ত উপস্থিত থাকিব।
মন্দিৰ নিৰ্মাণ প্ৰকল্পত প্ৰায় ৮৮২ কোটি ৮৭ লাখ টকা ব্যয় হ’ব বুলি অনুমান কৰা হৈছে। যিটো কেৱল ধৰ্মীয় বিশ্বাসৰ কেন্দ্ৰবিন্দু হোৱাই নহয়, অঞ্চলটোৰ পৰ্যটন আৰু সংস্কৃতিৰ বিকাশ ঘটাব। এই প্ৰকল্পই মিথিলা অঞ্চলৰ সাংস্কৃতিক ঐতিহ্যক বিশ্বজুৰি স্বীকৃতি লাভ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
