নতুন দিল্লী, ১৭ আগষ্ট (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত প্ৰায় ১১ হাজাৰ কোটি টকাৰ দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প দ্বাৰকা এক্সপ্ৰেছৱে আৰু আৰ্বান এক্সটেনচন ৰোড-২ (ইউইআৰ-২) উদ্বোধন কৰিব। দিল্লীৰ ৰোহিনীত দিনৰ ১২:৩০ বজাত আয়োজিত এই কাৰ্যসূচীত প্ৰধানমন্ত্ৰীয়ে জনসাধাৰণক সম্বোধন কৰিব।
আজি প্ৰধানমন্ত্ৰী মোদীয়ে উদ্বোধন কৰিবলগীয়া দুটা গুৰুত্বপূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ ডিজাইন দিল্লী আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলত যাতায়ত সুকলমে আৰু যাতায়তৰ সময় কম কৰাৰ লক্ষ্যৰে ডিজাইন কৰা হৈছে। এই কৰিড’ৰে দিল্লীক যান-জঁটৰ পৰা সকাহ দিব আৰু ৪০ মিনিটত আই জি আই বিমানবন্দৰত উপস্থিত হ’ব। ইয়াৰ ফলত এনচিআৰ-চণ্ডীগড় ভ্ৰমণ সহজ হ’ব। ইয়াৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ আলিপুৰৰ পৰা দিঘৱ কলনলৈ আৰু বাহাদুৰগড় আৰু শোনিপাট সংযোগী নতুন লিংক ৰোডো উদ্বোধন কৰিব। এই পথেৰে দিল্লীৰ ভিতৰ আৰু বাহিৰৰ ৰিং ৰোড, মুকাৰবা চক, ধৌলা কুৱান আৰু ৰাষ্ট্ৰীয় ঘাইপথ-০৯ত যাতায়তৰ চাপ হ্ৰাস পাব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
