নতুন দিল্লী, ১১ নৱেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে প্ৰসিদ্ধ তেলেগু অভিনেতা চন্দ্ৰ মোহন গাৰুৰ মৃত্যুত শোক প্ৰকাশ কৰে। আজি হায়দৰাবাদত হৃদৰোগত আক্ৰান্ত হৈ চন্দ্ৰমোহন (৮০ বছৰ)ৰ মৃত্যু হয়।
প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁৰ এক্স-পোষ্টত লিখিছে, “প্ৰখ্যাত তেলেগু অভিনেতা শ্ৰী চন্দ্ৰ মোহন গাৰুৰ মৃত্যুত গভীৰভাৱে ব্যথিত। তেওঁ আছিল চিনেমা জগতৰ এক মহান ব্যক্তিত্ব। তেওঁৰ শক্তিশালী অভিনয় আৰু অনন্য কাৰিজমাই দৰ্শকক প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি মোহিত কৰি আহিছে। তেওঁৰ অৱসানে সৃষ্টিশীল জগতখনত এক শূন্যতা এৰি থৈ গৈছে, যিটো পূৰণ কৰাটো কঠিন হ’ব। তেওঁৰ পৰিয়াল আৰু অগণন অনুৰাগীসকললৈ সমবেদনা জনাইছোঁ। ঔঁম শান্তি।
হিন্দুস্থান সমাচাৰ/সুশীল/মনোজ/অৰৱিন্দ
