ভূপাল, ১৪ নৱেম্বৰ (হি.স.)। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি (মঙলবাৰ) মধ্যপ্ৰদেশত নিৰ্বাচনী প্ৰচাৰ চলাব। তেওঁ ইয়াত মৌগঞ্জ আৰু জবলপুৰ জিলাৰ বিজেপি প্ৰাৰ্থীৰ সমৰ্থনত ৰাজহুৱা সভাত ভাষণ দিব আৰু ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
বিজেপিৰ ৰাজ্যিক সংবাদ মাধ্যমৰ ভাৰপ্ৰাপ্ত আশীষ আগৰৱালাই কয় যে কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহে বিয়লি ৩:০০ বজাত মৌগঞ্জ জিলাৰ দেৱতালাব বিধানসভাৰ ষ্টেডিয়ামত ৰাজহুৱা সভাত ভাষণ দিব। ইয়াৰ পিছতে আবেলি ৪:৪০ বজাত জবলপুৰ পশ্চিম বিধানসভাৰ দাদা বাড়া মৈদান মেডিকেলত ৰাজহুৱা সভাত ভাষণ দিব শ্বাহে। ইয়াৰ পিছতে তেওঁ জবলপুৰ উত্তৰ-মধ্য বিধানসভা আৰু জবলপুৰ পূৱ বিধানসভা সমষ্টিত আয়োজন কৰা ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব।
হিন্দুস্থান সমাচাৰ/ মুকেশ/মনোজ/অৰবিন্দ
