নতুন দিল্লী, ০৪ জুলাই (হি.স.)। ভাৰতৰ জাতীয় পতাকা ত্ৰিৰংগাৰ জনক তথা স্বাধীনতা সংগ্ৰামী পিংগলী ভেংকাইৰ মৃত্যু বাৰ্ষিকীত সমগ্ৰ দেশতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। এই উপলক্ষে কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়ে এইগৰাকী মহান ৰাষ্ট্ৰ সেৱকক স্মৰণ কৰি তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
পিংগলী ভেংকাইয়াক স্মৰণ কৰি গডকাৰীয়ে এক্স-পোষ্টত কয় যে ভাৰতৰ অখণ্ডতা আৰু আত্মসন্মানৰ প্ৰতীক তিনিবৰণীয়া জাতীয় পতাকা ডিজাইন কৰা পিংগলী ভেংকাইয়াই ভাৰত ৰাষ্ট্ৰক ঐক্যৰ সূতাত একত্ৰিত কৰাৰ কাম কৰিছিল। এনে এজন মহান স্বাধীনতা সংগ্ৰামীলৈ তেখেতৰ মৃত্যু বাৰ্ষিকীত বিনম্ৰ শুভেচ্ছা।
উল্লেখযোগ্য যে মহান স্বাধীনতা সংগ্ৰামী পিংগলী ভেংকাইয়াই বিভিন্ন ক্ষেত্ৰত দেশৰ সেৱা আগবঢ়াইছিল। এজন শিক্ষাবিদ আৰু ভাষাবিদ হিচাপে তেওঁ ভাৰতীয় সমাজখনক শিক্ষিত আৰু সচেতন কৰি তোলাত অৰিহণা যোগাইছিল। ইয়াৰ সমান্তৰালকৈ সামৰিক বিষয়া হিচাপে তেওঁ পূর্ণ ভক্তিৰে দেশৰ প্রতি কর্তব্যও পালন কৰিছিল৷
ৰাষ্ট্ৰীয় পতাকা সৃষ্টিৰ সময়ত তেওঁ ৫ বছৰ ধৰি বিশ্বৰ জাতীয় পতাকাসমূহৰ বিষয়ে অধ্যয়ন কৰি ত্ৰিৰংগা ডিজাইন কৰিছিল। তেওঁ প্ৰায় ৩০ টা ডিজাইন প্ৰস্তুত কৰিছিল, ইয়াৰে এটাক স্বাধীন ভাৰতৰ ত্ৰিৰংগা হিচাপে নিৰ্বাচিত কৰা হৈছিল। তেওঁৰ দ্বাৰা ডিজাইন কৰা এই পতাকাখন আজি সমগ্ৰ দেশৰ ঐক্য, অখণ্ডতা আৰু গৌৰৱৰ প্ৰতীক।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
