• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰ সেৱাৰ স্মৰণ
National

অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰ সেৱাৰ স্মৰণ

CliQ INDIA
Last updated: December 29, 2025 7:40 am
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২৮ ডিচেম্বৰ (হি.স.)। প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী, বাকপটু বক্তা, ভাৰতীয় ৰাজনীতিৰ প্ৰবীণ ব্যক্তি অৰুণ জেটলীৰ জন্ম জয়ন্তীত দেওবাৰে আৱেগিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। বিভিন্ন ৰাজনৈতিক দলৰ নেতাসকলে তেওঁক এজন দক্ষ কৌশলবিদ, এজন অসাধাৰণ আইনবিদ, আৰু ভাৰতীয় অৰ্থনীতি আৰু সংসদীয় পৰম্পৰাক শক্তিশালী কৰাৰ ক্ষেত্ৰত অমূল্য অৱদান আগবঢ়োৱা এজন দূৰদৰ্শী ৰাজনীতিবিদ হিচাপে স্মৰণ কৰিছিল।

ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত প্ৰয়াত অৰুণ জেটলীক শ্ৰদ্ধাঞ্জলি জনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কয় যে তেওঁ নিজৰ বৌদ্ধিক বুদ্ধিমত্তা, গভীৰ সাংবিধানিক জ্ঞান আৰু স্পষ্ট দৃষ্টিভংগীৰে ভাৰতীয় ৰাজনীতি আৰু নীতি নিৰ্ধাৰণক এক নতুন দিশ দিলে।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে ভাৰতীয় জনতা পাৰ্টিক শক্তিশালী কৰাৰ ক্ষেত্ৰত অৰুণ জেটলীৰ নিষ্ঠাবান ভূমিকা আৰু তেওঁৰ চোকা আইনী বুদ্ধিমত্তাই সদায় সময়ৰ পৰীক্ষাত থিয় দিব।

বিজেপিৰ সভাপতি জে.পি.

কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰী আৰু কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীয়েও প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। নীতিন গাডকাৰীয়ে এক্স-পোষ্টত লিখিছে, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পদ্ম বিভূষণ অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত শুভেচ্ছা জনাইছো। হৰদীপ সিং পুৰীয়ে কয় যে দলটোক শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি দেশৰ অৰ্থনৈতিক যাত্ৰাক নতুন গতি প্ৰদান কৰালৈকে অৰুণ জেটলীয়ে গভীৰ আৰু স্থায়ী ছাপ এৰি থৈ গৈছে।

কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই জেটলীক এজন মেধাৱী বুদ্ধিজীৱী, জাতীয়তাবাদী চিন্তাবিদ, উৎকৃষ্ট সংসদীয় পৰম্পৰাৰ স্থপতি বুলি অভিহিত কৰি জেটলীক শ্ৰদ্ধাঞ্জলি জনায়।

কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলে কয় যে দেশৰ ৰাজনৈতিক আৰু অৰ্থনৈতিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত পদ্ম বিভূষণ অৰুণ জেটলীৰ বিস্তৃত অৱদানৰ পৰা ভাৰতে লাভৱান হৈয়েই আছে।

কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱাটে জেটলীক এজন প্ৰখ্যাত আইনবিদ আৰু দক্ষ কৌশলবিদ হিচাপে স্মৰণ কৰি কয় যে ৰাষ্ট্ৰীয় সেৱাত তেওঁৰ অৱদান অতুলনীয়। কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰী গিৰিৰাজ সিঙে তেওঁক এজন দক্ষ কৌশলবিদ, চোকা বক্তা, প্ৰখ্যাত অধিবক্তা বুলি অভিহিত কৰি বিনম্ৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় যে অৰুণ জেটলীৰ শালীনতা, দূৰদৰ্শিতা আৰু ভাৰতৰ প্ৰতি গভীৰ দায়বদ্ধতাই ৰাজহুৱা জীৱনত সকলোৰে বাবে এক পথ প্ৰদৰ্শক পোহৰ হৈ থাকিব।

দিল্লী বিধানসভাৰ অধ্যক্ষ বিজয়েন্দ্ৰ গুপ্তাই কয় যে দেশৰ অৰ্থনৈতিক নীতি শক্তিশালী কৰাৰ পৰা আৰম্ভ কৰি সংসদীয় পৰম্পৰাক নতুন উচ্চতালৈ উন্নীত কৰালৈকে অৰুণ জেটলীৰ অৱদান অবিস্মৰণীয়।

দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে অৰুণ জেটলীৰ সুষম দৃষ্টিভংগী আৰু মৃদুভাষী স্বভাৱে জনজীৱনত মৰ্যাদা আৰু শিষ্টাচাৰৰ উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰে আৰু সদায় আদৰ্শগত হৈ থাকিব।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ইতিহাসৰ পাতত ২৯ ডিচেম্বৰ : ১৯৭৫ চনত ব্ৰিটেইনত পুৰুষ আৰু মহিলাৰ সম অধিকাৰৰ নিশ্চয়তা প্ৰদান কৰা আইন প্ৰণয়ন
বিশ্বৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু বিমান পৰিচালনত বিশৃংখলতাক লৈ মায়াৱতীৰ উদ্বেগ প্ৰকাশ
ঝাৰখণ্ডৰ পশ্চিম সিংভূমত ডিজিপিৰ আগত ১০ নক্সালবাদীৰ আত্মসমৰ্পণ
অমৰনাথ যাত্ৰাঃ জম্মুৰ পৰা ২৩০০ৰো অধিক তীৰ্থযাত্ৰীৰ নতুন গোট ৰাওনা
নৱমবাৰলৈ বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে নীতিশ কুমাৰৰ শপত গ্ৰহণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article (বাৰ্ষিকী) ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২০২৫ চনত জয়লাভ কৰে দুটা গুৰুত্বপূৰ্ণ পদক
Next Article ৰাজ্য়ৰ ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত পুৰ্বে ঘোষিত আন্দোলনৰ কাৰ্যসূচী স্থগিত আক্ৰাছুৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?