• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > (বাৰ্ষিকী) ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২০২৫ চনত জয়লাভ কৰে দুটা গুৰুত্বপূৰ্ণ পদক
Sports

(বাৰ্ষিকী) ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২০২৫ চনত জয়লাভ কৰে দুটা গুৰুত্বপূৰ্ণ পদক

CliQ INDIA
Last updated: December 29, 2025 5:55 am
CliQ INDIA
Share
4 Min Read
SHARE

নতুন দিল্লী, ২৮ ডিচেম্বৰ (হি.স.)। ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলে ২০২৫ বৰ্ষৰ সামৰণি মাৰে এক অতি সফল বৰ্ষৰ সৈতে। জুনিয়ৰ দলটোৱে কেৱল শক্তিশালী প্ৰদৰ্শন কৰাই নহয়, দুটা ডাঙৰ পদক (ৰূপ আৰু ব্ৰঞ্জ)ও লাভ কৰে। এই সফল অভিযানৰ ভেটি স্থাপন কৰা হৈছিল দলীয় প্ৰশিক্ষক পি আৰ শ্ৰীজেশৰ নিৰ্দেশনাত গোটেই বছৰজুৰি অনুষ্ঠিত হোৱা এক ধাৰাবাহিক নিবিড় ৰাষ্ট্ৰীয় প্ৰশিক্ষণ শিবিৰৰ জৰিয়তে। এই শিবিৰসমূহৰ জৰিয়তে প্ৰশিক্ষকগৰাকীয়ে এটা দল গঠন কৰি চলিত বৰ্ষৰ শেষৰ ফালে তামিলনাডুত অনুষ্ঠিত হ’বলগীয়া হকী জুনিয়ৰ বিশ্বকাপ ২০২৫লৈ যোৱাৰ সময়ত খেলুৱৈসকলক সৰ্বোত্তম প্ৰদৰ্শনৰ বাবে প্ৰস্তুত কৰে।

ভাৰতৰ প্ৰতিযোগিতামূলক প্ৰস্তুতি জুন মাহত অনুষ্ঠিত হোৱা ফোৰ নেচনছ টুৰ্ণামেণ্টৰ পৰাই আৰম্ভ হৈছিল, যিয়ে শক্তিশালী ইউৰোপীয় দলৰ বিৰুদ্ধে এক গুৰুত্বপূৰ্ণ প্ৰস্তুতিৰ সুযোগ প্ৰদান কৰিছিল। আয়োজক জাৰ্মানী, স্পেইন, অষ্ট্ৰেলিয়াৰ দৰে শক্তিশালী দলৰ সন্মুখীন হৈ ভাৰতীয় জুনিয়ৰ দলটোৱে নিজৰ কৌশল পৰীক্ষা কৰি প্ৰতিযোগিতাখনত তৃতীয় স্থান দখল কৰে। তৃতীয়/চতুৰ্থ স্থানৰ মেচত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ২-১ গ’লত গুৰুত্বপূৰ্ণ জয়। এই প্ৰতিযোগিতাখনে দলটোক মেচৰ মূল্যৱান অভিজ্ঞতা আৰু কৌশলগত সংমিশ্ৰণৰ সন্দৰ্ভত স্পষ্টতা প্ৰদান কৰিছিল, যাৰ ফলত তেওঁলোকে বিশ্বকাপৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিব পাৰিছিল।

জোহৰৰ চুলতান কাপত ৰূপৰ পিছত দলটোৱে এই গতি আৰু শিক্ষণসমূহ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা চুলতান অৱ জোহৰ কাপ ২০২৫ত কঢ়িয়াই লৈ ফুৰে, য’ত ভাৰতীয় দলটোৱে উজ্জ্বল প্ৰদৰ্শন আগবঢ়াই ৰূপৰ পদক লাভ কৰে। গ্ৰেট ব্রিটেইন, নিউজিলেণ্ড, মালয়েছিয়াৰ বিৰুদ্ধে দলটোৱে গুৰুত্বপূৰ্ণ জয় লাভ কৰাৰ লগতে পাকিস্তানৰ বিৰুদ্ধে ৩-৩ গ’লত সমতা স্থাপন কৰে৷ লীগ পৰ্যায়ত শক্তিশালী প্ৰদৰ্শনৰ অন্তত দলটোৱে ফাইনেলত প্ৰৱেশ কৰে। কিন্তু চূড়ান্ত খেলখনত ভাৰতে ৫৯ মিনিটত এটা দুৰ্ভাগ্যজনক গ’ল দি অষ্ট্ৰেলিয়াৰ হাতত ১-২ গ’লত পৰাস্ত হৈ ৰূপৰ পদকত সন্তুষ্ট হয়।

হকী জুনিয়ৰ বিশ্বকাপত ব্ৰঞ্জৰ পদকসকলো প্ৰস্তুতিৰ পিছতে দলটোৱে তামিলনাডুত অনুষ্ঠিত হোৱা এফ আই এইচ হকী পুৰুষৰ জুনিয়ৰ বিশ্বকাপ ২০২৫ত অংশগ্ৰহণ কৰে, য’ত জুনিয়ৰ দলটোৱে ঘৰুৱা টাৰ্ফত এক স্মৰণীয় প্ৰদৰ্শন আগবঢ়ায়। পুল পৰ্যায়ত চিলি, ওমান, ছুইজাৰলেণ্ডৰ বিৰুদ্ধে তিনিটা আৰামদায়ক জয়ৰে ভাৰতে অভিযান আৰম্ভ কৰি নকআউট ৰাউণ্ডলৈ আগবাঢ়ি যায়। কোৱাৰ্টাৰ ফাইনেল নিৰ্ণায়ক বুলি প্ৰমাণিত হয়, কিয়নো ভাৰতীয় দলটোৱে নিজৰ স্থিৰতা বজাই ৰাখি বেলজিয়ামক শ্বুটআউটত ৪-৩ গ’লত পৰাস্ত কৰি ছেমিফাইনেলত স্থান নিশ্চিত কৰে। গ’লৰক্ষক প্ৰিন্স দীপ সিঙে উৎকৃষ্ট দক্ষতা আৰু সাহস প্ৰদৰ্শন কৰি শ্বুটআউটত দুটা গুৰুত্বপূৰ্ণ ছেভ কৰি ভাৰতক প্ৰতিযোগিতাখনত আগবাঢ়ি যোৱাত সহায় কৰে। দুৰ্ভাগ্যজনকভাৱে ভাৰতীয় দলটোৱে ছেমিফাইনেলত জাৰ্মানীৰ হাতত ১-৫ গ’লত পৰাস্ত হৈছিল যদিও তৃতীয়/চতুৰ্থ স্থানৰ প্লে অফত দৃঢ়তা প্ৰদৰ্শন কৰি আৰ্জেণ্টিনাৰ বিৰুদ্ধে অবিশ্বাস্যভাৱে প্ৰত্যাৱৰ্তন কৰি ব্ৰঞ্জৰ পদক লাভ কৰিছিল।

গুৰুত্বপূৰ্ণ মুহূৰ্তত খেলুৱৈৰ পৰা তাৰকাময় প্ৰদৰ্শন বছৰটো আগবাঢ়ি যোৱাৰ লগে লগে ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দলটোৱে এক সুস্থিৰ আৰু আত্মবিশ্বাসী ইউনিট হিচাপে আত্মপ্ৰকাশ কৰে, য’ত কেইবাজনো খেলুৱৈয়ে গুৰুত্বপূৰ্ণ মুহূৰ্তত তাৰকাময় প্ৰদৰ্শন আগবঢ়ায়। গোটেই ছিজনটোত অধিনায়ক ৰোহিতে এজন শক্তিশালী নেতা হিচাপে আত্মপ্ৰকাশ কৰাৰ লগতে নিজৰ ড্ৰেগফ্লিকিং দক্ষতাও নিখুঁত কৰি তুলিছিল, যিটো গুৰুত্বপূৰ্ণ মেচত এক মূল্যৱান সম্পদ হিচাপে প্ৰমাণিত হৈছিল। আক্রমণত দিলৰাজ সিং আৰু আৰ্শদীপ সিঙে ধাৰাবাহিকভাৱে ভাল গ’ল দি ভাৰতৰ ফৰৱাৰ্ড লাইনক শক্তি প্ৰদান কৰে। ডিফেন্সত ৰাজকুমাৰ দীপ সিঙে এজন নিৰ্ভৰযোগ্য খেলুৱৈ হিচাপে পৰিপক্ক হৈ উঠিছিল আৰু হেঁচাত পৰি স্থিৰতা প্ৰদৰ্শন কৰিছিল। আনমোল এক্কাই মূল খেলুৱৈ হিচাপে আত্মপ্ৰকাশ কৰিছিল, খেল নিয়ন্ত্ৰণ কৰিছিল আৰু মিডফিল্ডৰ পৰা ডিফেন্স আৰু আক্ৰমণ সংযোগ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

অহা বছৰ ১৬ ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হ’ব শ্বুটিং লীগ অৱ ইণ্ডিয়া
হেণ্ড্ৰিক্স আৰু বছৰ জোৰত দক্ষিণ আফ্ৰিকাৰ প্ৰথম টি-২০ত পাকিস্তানক ৫৫ ৰানত পৰাজিত
কানাডা ছুপাৰ ৬০ত খেলিব সুৰেশ ৰাইনা, টৰন্টো ছিক্সাৰছত যোগদান
ৱেষ্ট ইণ্ডিজে ২০৩ ৰানত পাকিস্তানক পৰাস্ত কৰি ৩৪ বছৰীয়া অপেক্ষাৰ পেলালে অন্ত
জোহৰ চুলতান কাপত গৌৰৱ আওৰাই সাজু ভাৰতীয় জুনিয়ৰ পুৰুষ হকী দল

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কলিয়াবৰৰ পূৱথৰীয়াত নিশা বনৰীয়া হাতীৰ উপদ্ৰৱ
Next Article অৰুণ জেটলীৰ জন্ম বাৰ্ষিকীত তেওঁৰ দূৰদৰ্শী নেতৃত্ব আৰু ৰাষ্ট্ৰ সেৱাৰ স্মৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?