-বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় সিনহা উপ-মুখ্যমন্ত্ৰী
পাটনা (বিহাৰ), ২৮ জানুৱাৰী : বিৰোধী দলৰ মিত্ৰতা আইএনডিআইএৰ সৈতে সম্পৰ্ক ভংগ কৰি দেওবাৰে সন্ধিয়া নৱমবাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে জেডিইউৰ ৰাষ্ট্ৰীয় সভাপতি নীতিশ কুমাৰে। বিজেপিৰ সম্ৰাট চৌধুৰী আৰু বিজয় কুমাৰ সিনহাই উপ-মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। ৰাজভৱনত আয়োজিত এক অনুষ্ঠানত সন্ধিয়া ৫ বজাত ৰাজ্যপাল ৰাজেন্দ্ৰ বিশ্বনাথ আৰ্লেকাৰে নীতিশ কুমাৰ আৰু তেওঁৰ নতুন মন্ত্ৰী পৰিষদক কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰোৱায়।
শপত লোৱাসকল-
নীতিশ কুমাৰ-মুখ্যমন্ত্ৰী
সম্ৰাট চৌধুৰী-উপ মুখ্যমন্ত্ৰী
বিজয় কুমাৰ সিনহা-উপমুখ্যমন্ত্ৰী
প্ৰেম কুমাৰ (বিজেপি)-মন্ত্ৰী
বিজয় কুমাৰ চৌধুৰী (জেডিইউ)- মন্ত্ৰী
বিজেন্দ্ৰ যাদৱ (জেডিইউ) – মন্ত্ৰী
শ্ৰৱণ কুমাৰ (জেডিইউ) – মন্ত্ৰী
সন্তোষ মাঞ্জী (হাম) – মন্ত্ৰী
সুমিত কুমাৰ সিং (নিৰ্দলীয়) – মন্ত্ৰী
বিধানসভাত শাসকীয় দলৰ গণিত-
বিজেপি – ৭৮, জেডিইউ – ৪৫, হাম পাৰ্টি – ০৪, নিৰ্দলীয় – ০১।
মুঠ সমৰ্থন ১২৮ জন।
