–নিজৰ ঐতিহ্য পাহৰি উন্নয়ন সম্ভৱ নহয়-প্ৰধানমন্ত্ৰী
-পূৰ্বৰ চৰকাৰে সৃষ্টি কৰিছিল ঐতিহ্যক লৈ লজ্জানত হোৱাৰ ধাৰা
নতুন দিল্লী, ০৪ ফেব্ৰুৱাৰী : উন্নয়ন আৰু ঐতিহ্যক নিজৰ চৰকাৰৰ নীতি বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কোনো দেশেই নিজৰ ঐতিহ্য পাহৰি উন্নয়ন কৰিব নোৱাৰে। তেওঁ কয় যে পূৰ্বৰ চৰকাৰসমূহে ঐতিহ্যক লৈ লজ্জানত হোৱাৰ ধাৰা সৃষ্টি কৰিছিল আৰু বিশ্বাসৰ কেন্দ্ৰৰ বিকাশৰ গুৰুত্ব কেতিয়াও বুজি পোৱা নাছিল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গুৱাহাটীৰ খানাপাৰাত বিশাল জনসভাত সম্বোধন কৰি পূৰ্বৰ চৰকাৰৰ নীতিক লৈ সৰব হৈ পৰে। প্ৰধানমন্ত্ৰীয়ে অসমীয়াতে ভাষণ আৰম্ভ কৰি কয় যে এসময়ত একাংশই ৰাজনীতিৰ বাবে নিজৰ সংস্কৃতি ধ্বংস কৰিলে। বিগত ১০ বছৰত ভাৰতত স্থিতি সলনি হৈছে। বিজেপি ডাবল ইঞ্জিন চৰকাৰে সকলো সলনি কৰিছে। বিকাশৰ অভিযান বিগত ১০ বৃদ্ধি হৈছে।
দেওবাৰে প্ৰধানমন্ত্ৰীয়ে অসমত মা কামাখ্যা দিব্য প্ৰকল্পকে ধৰি ১১ হাজাৰ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। দেশত বৰ্তমান পৰ্যটন আৰু তীৰ্থ যাত্ৰীৰ সংখ্যা বাঢ়িছে। বিগত ১২ দিনত অযোধ্যাত ২৪ লাখতকৈ অধিক লোকে দৰ্শন কৰিছে। মা কামাখ্যাৰ ঐশ্বৰিক প্ৰকল্প সম্পূৰ্ণ হোৱাৰ পিছত ইয়াতো ৰাম মন্দিৰৰ দৰে পৰিৱেশ সৃষ্টি কৰা হ’ব। এনে প্ৰকল্পই দৰিদ্ৰৰ ভিতৰত দৰিদ্ৰ লোককো উপাৰ্জনৰ সুযোগ প্ৰদান কৰে। তীৰ্থ যাত্ৰী আহিলে দুখীয়াতকৈ দুখীয়া লোকে উপাৰ্জন কৰে। এইবাৰে আমি পৰ্যটনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰিছো। বিজেপি চৰকাৰে উত্তৰ-পূবৰ বিকাশত গুৰুত্ব প্ৰদান কৰিছো, কাৰণ উত্তৰ-পূব পৰ্যটনৰ কেন্দ্ৰবিন্দু। তেওঁ আৰু কয় যে আজি অসমত উন্নয়ন আৰু ঐতিহ্যৰ নীতিৰ বাবে ঘটি থকা পৰিৱৰ্তন সাক্ষী হৈ আছে।
লগতে প্ৰধানমন্ত্ৰীয়ে মা কামাখ্যা দিব্য প্ৰকল্প (মা কামাখ্যা প্ৰৱেশ কৰিডৰ)ৰ আধাৰশিলা স্থাপন কৰে। উত্তৰ-পূব অঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীৰ উন্নয়ন পদক্ষেপ আঁচনিৰ অধীনত ইয়াক অনুমোদন জনোৱা হৈছে। এই প্ৰকল্পৰ জৰিয়তে কামাখ্যা মন্দিৰ পৰিদৰ্শন কৰা তীৰ্থযাত্ৰীসকলক বিশ্বমানৰ সা-সুবিধা প্ৰদান কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে কয়, ‘আমাৰ তীৰ্থযাত্ৰা, আমাৰ মন্দিৰ, আমাৰ বিশ্বাসৰ স্থান, এইবোৰ কেৱল ভ্ৰমণৰ স্থান নহয়। এইবোৰ আমাৰ সভ্যতাৰ হাজাৰ হাজাৰ বছৰৰ যাত্ৰাৰ অমলিন চিন। প্ৰতিটো সংকটৰ সন্মুখত ভাৰতে কেনেদৰে দৃঢ়তাৰে থিয় দিছিল তাৰ সাক্ষ্য এইটোৱেই।”
দেশৰ উন্নয়নত উত্তৰ-পূৰ্বাঞ্চলৰ বৃহৎ ভূমিকাক আলোকপাত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত ১০ বছৰত কেন্দ্ৰীয় চৰকাৰৰ প্ৰচেষ্টাৰ বাবে ইয়াত শান্তিৰ পৰিৱেশৰ সৃষ্টি হৈছে। সীমান্তৰ সমস্যা সমাধান হৈছে, স্থায়ী শান্তি স্থাপন হৈছে, ১০ খন বৃহৎ শান্তি চুক্তি স্বাক্ষৰিত হৈছে আৰু বৃহৎ সংখ্যক যুৱকে হিংসাৰ পথ এৰিছে। তেওঁ কয়-পূৰ্বে অসমত হিংসাৰ মাজতে সুবিধাৰ অভাৱ আছিল বাবে ইয়ালৈ কোনো আহিব বিচৰা নাছিল। ২০১৪ চনৰ পূৰ্বে উত্তৰ-পূবত যাতায়াত ব্যৱস্থা একেবাৰে বেয়া আছিল। বিজেপি চৰকাৰে এনেবোৰ অসুবিধা আঁতৰ কৰিছে। আমাৰ চৰকাৰে বিকাশৰ বাবে খৰচ ৪গুণ বৃদ্ধি কৰিছে। ২০১৪ চনলৈকে আগতে মাত্ৰ ১০,০০০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ আছিল। কেৱল যোৱা ১০ বছৰত আমি ৬০০০ কিলোমিটাৰ নতুন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰিছো। যোৱা ১০ বছৰত আমাৰ চৰকাৰে ইয়াত উন্নয়নৰ ব্যয় ৪ গুণ বৃদ্ধি কৰিছে। ২০১৪ চনৰ পিছত ৰে’লপথৰ দৈৰ্ঘ্য ১৯০০ কিলোমিটাৰতকৈও অধিক বৃদ্ধি কৰা হয়। ২০১৪ চনৰ তুলনাত ৰে’ল বাজেট প্ৰায় ৪০০ শতাংশ বৃদ্ধি পাইছে।
তেওঁ কয় যে বিজেপিৰ ডাবল ইঞ্জিন চৰকাৰে প্ৰতিজন হিতাধিকাৰীৰ কাষ চাপিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। আমাৰ উদ্দেশ্য প্ৰতিজন নাগৰিকৰ জীৱন আৰামদায়ক কৰি তোলা। প্ৰধানমন্ত্ৰীয়ে দেশবাসীক মূল সুবিধা দিয়াৰ গ্যাৰাণ্টি দিয়ে। তেওঁ কয় যে সমগ্ৰ দেশৰ ২০ কোটি লোক বিকশিত ভাৰত সংকল্পত চামিল হৈছিল। ভাজপাৰ ডাবল ইঞ্জিন চৰকাৰৰ লক্ষ্য সকলোৰে ওচৰ পোৱাটো। এই গুৰুত্ব আমাৰ বাজেটত স্পষ্ট হৈ পৰিছে। ২০১৪ পূৰ্বে ১০ বছৰত মুঠ ১২ লাখ কোটি টকা আন্তঃগাঁথনিৰ ক্ষেত্ৰত বাজেটত ধাৰ্য কৰা হৈছিল, বৰ্তমানৰ চৰকাৰে এবছৰত ১১ লাখ কোটি টকা আন্তঃগাঁথনিৰ বাবে বাজেটত ধাৰ্য কৰে।
বাজেটত ঘোষণা কৰা ‘ছাদৰ সৌৰ’ প্ৰকল্পৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁৰ চৰকাৰে বিদ্যুতৰ বিল শূন্যলৈ হ্ৰাস কৰাৰ দিশত আগবাঢ়িছে। যোৱা ১০ বছৰত আমি প্ৰতিটো ঘৰতে বিদ্যুৎ যোগান ধৰাৰ অভিযান আৰম্ভ কৰিছিলো। এতিয়া ছাদৰ সৌৰ আঁচনিৰ অধীনত চৰকাৰে এক কোটি পৰিয়ালক তেওঁলোকৰ ছাদত সৌৰ পেনেল স্থাপন কৰাত সহায় কৰিব। প্ৰধানমন্ত্ৰীয়ে কয় যে দেশৰ ২ কোটি মহিলাক ‘লাখপতি বাইদেউ’ বনোৱাৰ গ্যাৰাণ্টি মই প্ৰদান কৰিছো। ইতিমধ্যে দেশৰ ১ কোটি মহিলা ‘লাখপতি বাইদেউ’ হৈছে। এইবাৰ ‘লাখপতি বাইদেউ’ হ’ব দেশৰ ৩ লাখ মহিলা। ইয়াৰ ফলত লাভ অসমৰ মহিলাৰো হ’ব। মোদীয়ে গ্যাৰাণ্টি দিলে দিন ৰাতি এক কৰি পূৰণ কৰে।
প্ৰধানমন্ত্ৰীয়ে কয় যে বিজেপি চৰকাৰ অহাৰ পিছত ৰাজ্যসমূহৰ মাজত সীমা বিবাদ দূৰ হৈছে। অসমত ১০খনতকৈ বেছি শান্তি চুক্তি হৈছে। অসমত বিজেপি দলৰ সাংগঠনিক কাম কৰি থকাৰ সময়ত বোমা বিস্ফোৰণ নিজ চকুৰে দেখাৰ কথা সোঁৱৰণ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এতিয়া অসমৰ যুৱকে হিংসা এৰি বিকাশৰ পথ লৈছে। সকলোৱে এতিয়া বিকাশৰ কাম কৰি আছে। প্ৰধানমন্ত্ৰীয়ে আৰু কয় যে সৰু লক্ষ্য ৰাখি কোনো দেশ, কোনো ৰাজ্যই দ্ৰুতগতিত উন্নয়ন কৰিব নোৱাৰে। পূৰ্বৰ চৰকাৰে সৰু সৰু চিন্তা ৰাখিছিল। এতিয়া উত্তৰ পূবেৰে দক্ষিণ এচিয়া আৰু পূব এচিয়াৰ দুৱাৰমুখ হৈছে। দেশৰ যুৱপ্ৰজন্মক পূৰ্ণ আশ্বস্থ কৰি তেওঁ কওঁ যে আপোনালোকৰ সপোন,মোদীৰ সকল্প, এয়া মোদীৰ গ্যাৰাণ্টি। আজি হোৱা কামৰ লক্ষ্য ভাৰত আৰু ভাৰতীয় লক্ষ্য, বিশ্বত অৰ্থনৈতিকভাৱে তৃতীয় স্থানত উপনীত হোৱাটো আমাৰ লক্ষ্য।
ইয়াৰ উপৰিও প্ৰধানমন্ত্ৰীয়ে ৩৪০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে কেইবাটাও পথ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। ইয়াত ৩৮খন দলংকে ধৰি ৪৩টা পথ আছে, যিবোৰ দক্ষিণ এছিয়া উপ-আঞ্চলিক অৰ্থনৈতিক সহযোগিতা (ছাছেক) কৰিডৰ সংযোগৰ অংশ হিচাপে উন্নীত কৰা হ’ব। প্ৰধানমন্ত্ৰীয়ে ডোলাবাৰীৰ পৰা জামুগুৰি আৰু বিশ্বনাথ চাৰিআলিৰ পৰা গহপুৰলৈ ৪ লেনযুক্ত দুটা প্ৰকল্প উদ্বোধন কৰে। এই প্ৰকল্পসমূহে ইটানগৰৰ সৈতে সংযোগ উন্নত কৰাত সহায় কৰিব আৰু অঞ্চলটোৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত সহায় কৰিব।
প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ ক্ৰীড়া আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহৰ ভিতৰত চন্দ্ৰপুৰত আন্তঃৰাষ্ট্ৰীয় মানদণ্ডৰ ক্ৰীড়া ষ্টেডিয়াম আৰু নেহৰু ষ্টেডিয়ামক ফিফা মানক ফুটবল ষ্টেডিয়ামলৈ উন্নীত কৰা আদি অন্তৰ্ভুক্ত। প্ৰধানমন্ত্ৰীয়ে গৌহাটী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ আধাৰশিলা স্থাপন কৰে। ইয়াৰ উপৰিও তেওঁ কৰিমগঞ্জত এখন চিকিৎসা মহাবিদ্যালয়ৰ উন্নয়নৰ আধাৰশিলা স্থাপন কৰে।
