কৰাচী, ০৪ ফেব্ৰুৱাৰী : ভাৰতত জন্মগ্ৰহণ কৰা জ্যেষ্ঠ পাকিস্তানী আইনবিদ ৰছিদ এ ৰাজৱীৰ ৭৬ বছৰ বয়সত মৃত্যু হয়। শনিবাৰে এই কথা নিশ্চিত কৰিছে পৰিয়ালৰ সূত্ৰই।
জিঅ’ নিউজৰ মতে, কৰাচীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল ৰাজৱী। আজি (দেওবাৰ) প্ৰতিৰক্ষা গৃহ নিৰ্মাণ কৰ্তৃপক্ষৰ ইমাম বৰগাহত তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াৰ নামাজ আদায় কৰা হ’ব। ৰাজৱী আছিল এগৰাকী অভিজ্ঞ উকীল আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ। তেওঁৰ বিখ্যাত কেৰিয়াৰত চাৰিবাৰকৈ উচ্চতম ন্যায়ালয়ৰ বাৰ এছ’চিয়েশ্যনৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ১৯৪৭ চনৰ ডিছেম্বৰ মাহত মুম্বাই (ভাৰত)ত জন্মগ্ৰহণ কৰিছিল। ১৯৫৬ চনত পৰিয়ালৰ সৈতে কৰাচীলৈ আহিছিল ৰাজৱী।
