নতুন দিল্লী, ০৭ জুলাই (হি.স.)। ব্ৰিকছ শীৰ্ষ সন্মিলন ২০২৫ য়ে ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয় কঢ়িয়াই আনিছে, যেতিয়া এই সন্মিলনৰ যৌথ ঘোষণাত জম্মু-কাশ্মীৰৰ পেহেলগামত যোৱা ২২ এপ্ৰিলত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ তীব্ৰ নিন্দা কৰা হৈছিল। এই আক্ৰমণত ২২ জন নিৰ্দোষ লোকৰ প্ৰাণ কাঢ়ি নিয়া হৈছিল।
যৌথ ঘোষণাত কোৱা হৈছে যে “সন্ত্ৰাসবাদ যি কোনো ধৰণৰ, উদ্দেশ্য বা ন্যায্যতা গ্ৰহণযোগ্য নহয়।” লগতে কয় যে সন্ত্ৰাসবাদক কোনো ধৰ্ম, জাতি, ৰাষ্ট্ৰীয়তা, সভ্যতাৰ সৈতে জড়িত কৰিব নোৱাৰি আৰু সকলো সন্ত্ৰাসবাদী সংগঠন আৰু তেওঁলোকৰ সমৰ্থকক ন্যায়ৰ কাঠঘৰালৈ আনিব লাগে।
পেহেলগাম আক্ৰমণক “অত্যন্ত নিন্দনীয়” আৰু “গুৰুতৰ অপৰাধ” বুলি অভিহিত কৰি ব্ৰিকছে প্ৰথমবাৰৰ বাবে ভাৰতত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণক ইমান স্পষ্ট শব্দৰে সমালোচনা কৰিছে। এই বক্তব্যক ভাৰতৰ কূটনৈতিক কৌশলৰ এক গুৰুত্বপূৰ্ণ সাফল্য হিচাপে দেখা গৈছে।
ব্ৰিকছৰ নেতাসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ সৰ্বাংগীন সংস্কাৰৰ দাবী পুনৰবাৰ উল্লেখ কৰে। তেওঁলোকে কয় যে বৰ্তমানৰ বিশ্ব প্ৰতিষ্ঠানসমূহে সমসাময়িক বাস্তৱতা আৰু বিশেষকৈ বিশ্ব দক্ষিণৰ উদ্বেগক ফলপ্ৰসূভাৱে প্ৰতিফলিত কৰিবলৈ আৰু সক্ষম হোৱা নাই। পৰিষদৰ গাঁথনি সলনি কৰি ইয়াক অধিক সৰ্বাংগীন আৰু গণতান্ত্ৰিক কৰি তুলিব লাগে বুলি পৰামৰ্শ দিয়া হৈছিল।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই মঞ্চৰ পৰাই সন্ত্ৰাসবাদৰ বিষয়ত বিশ্ব নেতৃত্বক মুকলিকৈ সম্বোধন কৰাৰ সময়ত পৰোক্ষভাৱে পাকিস্তানক লক্ষ্য কৰি লৈ আন্তঃৰাষ্ট্ৰীয় সমাজক কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে সামূহিক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায়।
প্ৰধানমন্ত্ৰী মোদীয়ে ভাষণত পুনৰ কয় যে সন্ত্ৰাসবাদৰ বিৰুদ্ধে ‘শূন্য সহনশীলতা’ নীতি একমাত্ৰ বিকল্প আৰু ইয়াৰ ওপৰত কোনো আপোচ কৰিব নোৱাৰি। সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত কোনো দেশেই নিৰপেক্ষ হৈ থাকিব নোৱাৰে বুলি তেওঁ গুৰুত্ব আৰোপ কৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
