
বৰ্ষ ২০০৪ৰ আজিৰ দিনটোতে দত্তপন্ত থেংগাদীৰ মৃত্যু হয়। তেওঁ ভাৰতৰ এজন বিশিষ্ট ৰাষ্ট্ৰীয়তাবাদী ট্ৰেড ইউনিয়ন নেতা আৰু ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাপক আছিল। ১৮৯৮ চনত মহাৰাষ্ট্ৰৰ আমৰাৱতী জিলাত জন্মগ্ৰহণ কৰা থেংগাদীয়ে ভাৰতীয় শ্ৰমিকৰ কল্যাণ আৰু তেওঁলোকৰ অধিকাৰ ৰক্ষাৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰিছিল।
দত্তপন্ত থেংগাদীয়ে ভাৰতীয় শ্ৰমিক আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰি শ্ৰমিকৰ বাবে সংগঠিত সংগ্ৰামৰ ভেটি স্থাপন কৰিছিল। তেওঁ ভাৰতীয় মজদুৰ সংঘ প্ৰতিষ্ঠা কৰে, যিটো আজি ভাৰতৰ সৰ্ববৃহৎ ট্ৰেড ইউনিয়ন সংগঠন হিচাপে গণ্য কৰা হয়। থেংগাডীয়ে বিশ্বাস কৰিছিল যে শ্ৰমিকসকলে সংগঠিত হ’ব লাগে আৰু নিজৰ অধিকাৰ আৰু সামাজিক ন্যায়ৰ বাবে যুঁজিব লাগে।
শ্ৰমিকসকলৰ অৰ্থনৈতিক আৰু সামাজিক অৱস্থা উন্নত কৰাৰ বাবে তেওঁ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছিল, যেনে উন্নত মজুৰি, সুৰক্ষিত কৰ্মস্থলী, সামাজিক সুৰক্ষা নিশ্চিত কৰা। তেওঁৰ নেতৃত্ব আৰু সংগ্ৰামে ভাৰতীয় শ্ৰমিক আন্দোলনক এক নতুন দিশ দিলে।
দত্তপন্ত থেংগাদীৰ জীৱন আৰু কৰ্মৰাজি আজিও শ্ৰমিক আৰু যুৱ নেতাসকলৰ বাবে প্ৰেৰণাৰ উৎস হৈয়েই আছে। তেওঁৰ অৱদানে ভাৰতীয় শ্ৰমিক আন্দোলনক শক্তিশালী কৰি তুলিছিল আৰু সামাজিক ন্যায় আৰু জাতীয় উন্নয়নৰ বাবে তেওঁৰ নাম অমৰ কৰি তুলিছিল।
গুৰুত্বপূৰ্ণ পৰিঘটনা-
১৮৮২ – শিমলাত পঞ্জাৱ বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হয়। এইখন ইংৰাজ ঔপনিৱেশিক চৰকাৰে কলিকতা, মুম্বাই, মাদ্ৰাজৰ পিছত প্ৰতিষ্ঠা কৰা ভাৰতৰ চতুৰ্থখন বিশ্ববিদ্যালয় আছিল ।
১৯৩৩ – জাৰ্মানীয়ে মিত্ৰশক্তিৰ পৰা ওলাই অহাৰ কথা ঘোষণা কৰে।
১৯৪৩ – জাপানে ফিলিপাইনছৰ স্বাধীনতা ঘোষণা কৰে।
১৯৪৬ চ- হলেণ্ড আৰু ইণ্ডোনেছিয়াৰ মাজত যুদ্ধবিৰতি চুক্তি স্বাক্ষৰিত হয়।
১৯৪৮ – ইজৰাইল আৰু ইজিপ্তৰ মাজত তীব্ৰ যুদ্ধ আৰম্ভ হয়।
১৯৫৩ – ভাৰতত সম্পদ শুল্ক আইন কাৰ্যকৰী হয়।
১৯৫৬ – ড° ভীমৰাও আম্বেদকাৰে ৩ লাখ ৮৫ হাজাৰ অনুগামীৰে কোচান্দত বৌদ্ধ ধৰ্ম গ্ৰহণ কৰে আৰু সমৰ্থকসকলক ২২ টা বৌদ্ধ ব্ৰত পালন কৰিবলৈ পৰামৰ্শ দিয়ে।
১৯৬৪ – মাৰ্টিন লুথাৰ কিং জুনিয়ৰে বৰ্ণবৈষম্যৰ বিৰুদ্ধে অহিংস সংগ্ৰামৰ বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে।
১৯৬৪ – নিকিতা ক্ৰুছেভক ছোভিয়েট ইউনিয়নৰ কমিউনিষ্ট পাৰ্টিৰ প্ৰথম সচিব পদৰ পৰা অপসাৰণ কৰা হয় আৰু তেওঁৰ ঠাইত লিওনিড ব্ৰেজনভক নিযুক্তি দিয়া হয়।
১৯৭৯ – জাৰ্মানীৰ বনত পাৰমাণৱিক শক্তিৰ বিৰুদ্ধে এক লাখ লোকে বিক্ষোভ কৰে।
১৯৮১ – হোছনি মুবাৰক ইজিপ্তৰ চতুৰ্থ ৰাষ্ট্ৰপতি হয়।
১৯৯৭ – ব্ৰিটেইনৰ ৰাণী দ্বিতীয় এলিজাবেথ আৰু ৰাজকুমাৰ ফিলিপে অমৃতসৰৰ জালিয়ানৱালা বাগত শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
১৯৯৪ – ইয়াছেৰ আৰাফাত, ইৎজাক ৰাবিন আৰু শ্বিমন পেৰেছক শান্তিৰ নোবেল বঁটা প্ৰদান কৰা হয়।
১৯৯৯ – আমেৰিকাৰ চেনেটত পাৰমাণৱিক পৰীক্ষা নিষেধাজ্ঞা চুক্তি (চিটিবিটি) নাকচ কৰা হয়।
২০০০ – আমেৰিকাই পাকিস্তানকে ধৰি ২২খন দেশৰ দূতাবাস বন্ধ কৰে।
২০০২ – কাটাৰত মিলিত হোৱাৰ প্ৰতিশ্ৰুতিৰে বুছানত ১৪ সংখ্যক এছিয়ান গেমছৰ সামৰণি পৰে ।
২০০৪ – পাকিস্তানৰ নেচনেল এচেম্বলীয়ে ৰাষ্ট্ৰপতি পাৰভেজ মুশ্বাৰফক সেনা প্ৰধান হিচাপে অধিষ্ঠিত ৰখাৰ বিধেয়ক গৃহীত কৰে।
২০০৭ – আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক শক্তি সংস্থাই নেপালক চিকিৎসা আৰু কৃষি খণ্ডত পাৰমাণৱিক প্ৰযুক্তি ব্যৱহাৰৰ অনুমোদন প্ৰদান কৰে।
২০০৮ – ভাৰতীয় ৰিজাৰ্ভ বেংকে মিউচুৱেল ফাণ্ডৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে অতিৰিক্ত ২০০ বিলিয়ন টকা মুকলি কৰাৰ কথা ঘোষণা কৰে।
২০১০ – ৰাজধানী দিল্লীত বৰ্তমান চলি থকা ১৯ সংখ্যক কমনৱেলথ গেমছৰ সামৰণি পৰে।
২০১২ – নাইজেৰিয়াৰ এটা মছজিদত বন্দুকধাৰীয়ে ২০ জন লোকক হত্যা কৰিছিল।
২০২১ – টাইৱানৰ এটা অট্টালিকাত অগ্নিকাণ্ডত ৪৬ জন লোকৰ মৃত্যু হয়।
জন্ম-
১৬৪৩ – আজিৰ দিনটোতে দিল্লী (ভাৰত)ৰ মোগল সম্ৰাট প্ৰথম বাহাদুৰ শ্বাহ।
১৮৬৩ – আজিৰ দিনটোতে লালু ভাই সমলদাস মেহতা – এজন প্ৰখ্যাত উদ্যোগপতি। ১৯২৬ চনত ব্ৰিটিছ চৰকাৰে তেওঁক ‘ছাৰ’ উপাধি প্ৰদান কৰে।
১৮৮৪ – আজিৰ দিনটোতে লালা হৰদয়াল – বিখ্যাত ভাৰতীয় বিপ্লৱী আৰু গদৰ পাৰ্টিৰ প্ৰতিষ্ঠাপক।
১৯২৪ – বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য – অসমীয়া সাহিত্যিক।
১৯৩০ – মোবুটু চেচে চেকো – জাইৰেৰ ৰাষ্ট্ৰপতি।
১৯৩১ – নিখিল ৰঞ্জন বেনাৰ্জী – সংগীত শিল্পী।
১৯৫০ – দ্বিতীয় লেফটেনেণ্ট অৰুণ ক্ষেত্ৰপাল – পৰম বীৰ চক্ৰৰে সন্মানিত ভাৰতীয় সৈনিক।
১৯৭৯ – ঋত্বিক ভট্টাচাৰ্য – ভাৰতীয় স্কোয়াছ খেলুৱৈ।
১৯৯৬ চনত হৰজিন্দৰ কৌৰ – ভাৰতীয় মহিলা ভাৰোত্তোলক।
মৃত্যু-
১২৪০ – ৰাজিয়া চুলতান – ভাৰতৰ প্ৰথম মহিলা শাসক।
১৯৪৭ – নৰসিং চিন্তামন কেলকাৰ – সাংবাদিক আৰু মাৰাঠী সাহিত্যিক, লোকমান্য বাল গংগাধৰ তিলকৰ সহযোগী।
১৯৯৮ – দশৰথ দেৱ – ভাৰতীয় ৰাজনৈতিক দল কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া (মাৰ্ক্সবাদী)ৰ ৰাজনীতিবিদ।
২০০৪ – দত্তপন্ত থেংগাদী – ৰাষ্ট্ৰীয়তাবাদী ট্ৰেড ইউনিয়নৰ নেতা আৰু ভাৰতীয় মজদুৰ সংঘৰ প্ৰতিষ্ঠাপক।
২০১৩ – মোহন ধৰিয়া – প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা সমাজ কৰ্মী।
২০১৪ – জন ৰিড – নিউজিলেণ্ডৰ ক্ৰিকেটাৰ আৰু প্ৰাক্তন অধিনায়ক।
২০২০ – শোভা নাইডু – ভাৰতৰ অন্যতম আগশাৰীৰ কুচিপুডী নৃত্যশিল্পী।
গুৰুত্বপূৰ্ণ দিৱস-
-বিশ্ব মানদণ্ড দিৱস।
-বিশ্ব ডাক দিৱস (সপ্তাহ)।
-ৰাষ্ট্ৰীয় আইনী সাহায্য দিৱস (সপ্তাহ)।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
