গুৱাহাটী, ২০ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ঐতিহাসিক ৰোডশ্ব’ৰ সাক্ষী হ’বলৈ সহস্ৰাধিক লোকৰ সমাগম হোৱাৰ সময়তে শনিবাৰে গুৱাহাটীৰ মূল পথসমূহত অভূতপূৰ্ব উৎসাহৰ সৃষ্টি হয়।
২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া কমপ্লেক্সত আৰম্ভ হোৱা এই ৰোডশ্ব’ৰ সামৰণি পৰে বশিষ্ঠ চাৰিআলিৰ সমীপৱৰ্তী বিজেপিৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ত।
প্ৰধানমন্ত্ৰীক আদৰণি জনাবলৈ চহৰৰ বিভিন্ন প্ৰান্তৰ লোকে পথৰ দাঁতিত গোট খাইছিল আৰু সমগ্ৰ পথটোত এক উৎসাহী পৰিবেশ বিৰাজ কৰিছিল। প্ৰধানমন্ত্ৰী মোডীক হাত জোকাৰি ৰাস্তাৰ দুয়োকাষে থকা উৎসাহিত জনসমাগমে অভিবাদন জনায়। সমগ্ৰ শোভাযাত্ৰাত মোডী জি জিন্দাবাদ আৰু ভাৰত মাতা কি জয়ৰ ধ্বনিৰে প্ৰতিধ্বনিত হৈ পৰিবেশ উৎসাহিত কৰি তোলে।
हिन्दुस्थान समाचार / অৰৱিন্দ
