• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ২৯ আগষ্টঃ “মেজৰ ধ্যানচান্দক প্ৰণাম, ক্ৰীড়াৰ সৈতে ফিটনেছৰ বাৰ্তা”
National

ইতিহাসৰ পাতত ২৯ আগষ্টঃ “মেজৰ ধ্যানচান্দক প্ৰণাম, ক্ৰীড়াৰ সৈতে ফিটনেছৰ বাৰ্তা”

CliQ INDIA
Last updated: August 28, 2025 10:01 pm
CliQ INDIA
Share
5 Min Read
SHARE

ভাৰতত প্ৰতি বছৰে ২৯ আগষ্টত ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস পালন কৰা হয়। ভাৰতৰ মহান হকী খেলুৱৈ মেজৰ ধ্যানচান্দৰ জন্ম বাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয়। তেওঁক হকীৰ যাদুকৰ বুলি কোৱা হয়। তেওঁ অলিম্পিকত তিনিবাৰকৈ ভাৰতৰ হৈ স্বৰ্ণ পদক লাভ কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়াই অনাই নহয়, সমগ্ৰ বিশ্বক ভাৰতীয় হকীৰ শক্তিও দেখুৱাইছিল।

এই দিনটোত ক্ৰীড়া সম্পৰ্কে সজাগতা আৰু ফিটনেছক উৎসাহিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হয়। লগতে ৰাজীৱ গান্ধী খেল ৰত্ন বঁটা (বৰ্তমান মেজৰ ধ্যানচন্দ খেলৰত্ন বঁটা), অৰ্জুন বঁটা, দ্ৰোণাচাৰ্য্য বঁটা আৰু ধ্যানচন্দ বঁটা আদি ৰাষ্ট্ৰীয় ক্ৰীড়া বঁটাও আজিৰ দিনটোত ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰে।

এইবাৰৰ (২০২৫) ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (২৯ আগষ্ট) তিনিদিন (২৯–৩১ আগষ্ট) উদযাপন কৰা হৈছে। ইয়াৰ কেন্দ্ৰীয় বিষয়বস্তু হৈছে- “এঘন্টা, ক্ৰীড়াৰ ক্ষেত্ৰত…”

এই থিমৰ জৰিয়তে ফিট ইণ্ডিয়া মিছনে সমগ্ৰ ভাৰতৰ প্ৰতিজন ব্যক্তিক দৈনিক কমেও এঘণ্টা ধৰি ক্ৰীড়া বা শাৰীৰিক কাৰ্যকলাপত লিপ্ত হ’বলৈ আহ্বান জনাইছে। এই পদক্ষেপে ক্ৰীড়া আৰু ফিটনেছক জীৱনশৈলীত অন্তৰ্ভুক্ত কৰাটো স্বীকৃতি দিয়ে, যিয়ে জীৱনশৈলীৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

অন্যান্য গুৰুত্বপূৰ্ণ পৰিঘটনা:

১৬১২ – আজিৰ দিনটোতে ব্ৰিটিছে চুৰাটৰ যুদ্ধত পৰ্তুগীজক পৰাস্ত কৰে।

১৮৩৩ – ব্ৰিটিছ দাসত্ব বিলুপ্তি আইন অনুমোদন কৰা হয়।

১৮৪২ – গ্ৰেট ব্রিটেইন আৰু চীনে নাংকিং সন্ধি স্বাক্ষৰ কৰে।

১৮৪২ – আফিং যুদ্ধৰ অন্ত পৰে।

১৮৯৮ – গুডইয়াৰ টায়াৰ কোম্পানী প্ৰতিষ্ঠা কৰা হয়।

১৯১৪ – নিউজিলেণ্ডৰ সৈন্যই জাৰ্মান চামোয়া দখল কৰে।

১৯১৬ – আমেৰিকাৰ কংগ্ৰেছে জোনছ আইনত অনুমোদন জনায়: ফিলিপাইনছে স্বাধীনতা লাভ কৰে।

১৯৩২ – নেদাৰলেণ্ডৰ ৰাজধানী আমষ্টাৰডামত যুদ্ধ প্ৰতিৰোধৰ বাবে আন্তঃৰাষ্ট্ৰীয় সমিতি গঠন কৰা হয়।

১৯৪১ – জাৰ্মান আইনছাটজ কমাণ্ডোৱে ৰাছিয়াত ১৪৬৯ টা ইহুদী শিশুক হত্যা কৰে।

১৯৪৫ – ব্ৰিটেইনে জাপানৰ পৰা হংকং মুক্ত কৰে।

১৯৪৭ – আজিৰ দিনটোতে ড° ভীমৰাও আম্বেদকাৰৰ অধ্যক্ষতাত ভাৰতীয় সংবিধান সভাই সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন খচৰা প্ৰস্তুত সমিতি গঠন কৰে।

১৯৫৩ – ছোভিয়েট ইউনিয়নে প্ৰথম হাইড্ৰজেন বোমা বিস্ফোৰণ কৰে।

১৯৫৭ – কংগ্ৰেছে নাগৰিক অধিকাৰ আইন, ১৯৫৭ গৃহীত কৰে।

১৯৭৪ – চৌধুৰী চৰণ সিঙে ভাৰতীয় লোকদল নামেৰে নিজাকৈ দল গঠন কৰে।

১৯৮৭ – কৰ্ণেল ৰাবুকাই ফিজিক গণৰাজ্য ঘোষণা কৰে।

১৯৯৬ – আৰ্কটিক দ্বীপ স্পিটছবাৰ্গেনৰ পাহাৰত দুৰ্ঘটনাগ্ৰস্ত হোৱা ভানুকোভ’ এয়াৰলাইন্সৰ ১৪১ জন লোকৰ আটাইকেইজন লোকৰ মৃত্যু হয়।

১৯৯৮ – ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক ৰাজীৱ গান্ধী খেলৰত্ন বঁটাৰে সন্মানিত কৰা হয়।

১৯৯৯ – বাংলাদেশ মুক্তি সংগ্ৰামৰ সময়ত জনপ্ৰিয়ভাৱে টাইগাৰ ছিদ্দিকী নামেৰে পৰিচিত সাংসদ কাদিৰ ছিদ্দিকীয়ে সংসদৰ সদস্য পদৰ পৰা পদত্যাগ কৰে।

২০০০ – নিউয়ৰ্কত চাৰিদিনীয়া বিশ্ব শান্তি সন্মিলন আৰম্ভ হয়।

২০০১ – পশ্চিম এছিয়াত পুনৰ হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয়, তিনিজন পেলেষ্টাইনী লোকৰ মৃত্যু; জাপানৰ ‘এইচ-২এ’ ৰকেট উৎক্ষেপণ সফল।

২০০২ – পাকিস্তানৰ নিৰ্বাচন আয়োগে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ মনোনয়ন পত্ৰ গ্ৰহণ কৰে।

২০০৩ – কলম্বিয়া মহাকাশযান দুৰ্ঘটনাৰ বাবে নাছাৰ ভুল কৰ্ম সংস্কৃতিক দোষাৰোপ কৰা হয়।

২০০৩ – ইৰাকৰ পবিত্ৰ চহৰ নাজাফত আত্মঘাতী আক্ৰমণত শ্বিয়া নেতাকে ধৰি ৭৫ জন লোক নিহত হয়।

২০০৪ – এথেন্স অলিম্পিকৰ সামৰণি পৰে।

২০০৫ – আমেৰিকাৰ উপসাগৰীয় উপকূলত বিশেষকৈ নিউ অৰলিন্সত হাৰিকেন কেটৰিনাই বিধ্বংসী ৰূপ ধাৰণ কৰে, তাৰ পিছত মথাউৰি ভাঙি ব্যাপক বানপানী হয়।

২০০৮ – তৃণমূল কংগ্ৰেছৰ কৰ্মীসকলে সৃষ্টি কৰা হুলস্থুলত হতাশ হৈ টাটা মটৰ্ছে চিংগুৰৰ নেনো প্ৰকল্পৰ স্থানৰ পৰা কৰ্মচাৰীক আঁতৰাই দিয়ে।

২০০৮ – ঝাৰখণ্ডৰ নৱনিযুক্ত মুখ্যমন্ত্ৰী শিবু ছ’ৰেনে বিধানসভাত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰে।

২০১২ – চীনৰ ছিচুয়ান প্ৰদেশৰ জিয়াওজিয়াৱান কয়লা খনিত সংঘটিত বিস্ফোৰণত কমেও ২৬ জন চীনা শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে ২১ জন নিৰুদ্দেশ হয়।

জন্ম:

১৮৮৭ – আজিৰ দিনটোতে জীৱৰাজ মেহতা – ভাৰতৰ আগশাৰীৰ চিকিৎসক আৰু দেশপ্ৰেমিক।

১৯০৫ – মেজৰ ধ্যানচান্দ – ভাৰতৰ বিখ্যাত হকী খেলুৱৈ।

১৯২৫ – গোলাপ বৰবৰা – অসমৰ ষষ্ঠ মুখ্যমন্ত্ৰী আছিল।

১৯২৬ – আজিৰ দিনটোতে ৰামকৃষ্ণ হেগড়ে – জনতা পাৰ্টিৰ এজন ৰাজনীতিবিদ, যি কৰ্ণাটকৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আছিল।

১৯৪৯ – কে ৰাধাকৃষ্ণন – ভাৰতৰ অন্যতম শীৰ্ষ বিজ্ঞানী।

১৯৬৮ – আজিৰ দিনটোতে বিক্ৰমজিৎ কাঁৱৰপাল – হিন্দী চলচ্চিত্ৰ অভিনেতা। তেওঁ বহু ধাৰাবাহিকত কাম কৰিছিল।

১৯৬৯ – মেজৰ মনোজ তালৱাৰ – ভাৰতীয় সেনাৰ অন্যতম সাহসী জোৱান আছিল।

১৯৭৭ – পি.ভি. মিধুন ৰেড্ডী – ৱাই.এছ.আৰ. অন্ধ্ৰপ্ৰদেশৰ কংগ্ৰেছ পাৰ্টিৰ ৰাজনীতিবিদ।

মৃত্যু :

১৯৩১ – জাডোনাং – শক্তিশালী নগা আন্দোলন গঠন কৰা এজন যুৱ নেতা।

১৯৫২ – ভগ্নী ইউপ্ৰেছিয়া – ভাৰতীয় খ্ৰীষ্টান মহিলা সন্ত।

১৯৫৬ – মালিক গুলাম মহম্মদ – পাকিস্তানৰ তৃতীয় গৱৰ্ণৰ জেনেৰেল আছিল।

১৯৭৬ – আজিৰ দিনটোতে কাজী নজৰুল ইছলাম – এজন বিখ্যাত বঙালী কবি, সংগীতজ্ঞ আৰু দাৰ্শনিক আছিল।

১৯৯৯ – সুধিৰ কুমাৰ ৱালিয়া – ভাৰতীয় সেনাৰ অন্যতম সাহসী জোৱান আছিল।

২০০১ – মনুভাই ৰাজাৰাম পাঞ্চোলি – গুজৰাটী ভাষাৰ এজন ঔপন্যাসিক, সাহিত্যিক, শিক্ষাবিদ আৰু ৰাজনীতিবিদ আছিল।

২০০৭ – বানাৰসী দাস গুপ্তা – হাৰিয়ানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু স্বাধীনতা সংগ্ৰামী।

গুৰুত্বপূৰ্ণ দিন আৰু অনুষ্ঠান:

ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱস (মেজৰ ধ্যানচান্দৰ জন্মদিন)

আন্তঃৰাষ্ট্ৰীয় পাৰমাণৱিক পৰীক্ষণ বিৰোধী দিৱস

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আজি মধ্যপ্ৰদেশত নড্ডাই জাৰি কৰিব বিজেপিৰ সংকল্প পত্ৰ
দিল্লী-এনচিআৰত প্ৰদূষণ বিপদজনক স্তৰত, সামগ্ৰিকভাৱে একিউআই ৪২৬ লিপিবদ্ধ
বিহাৰৰ গয়াজীত গ্ৰেপ্তাৰ অমৃতসৰ মন্দিৰৰ গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ড সৰণজীত ওৰফে ছানী
আন এক অভিলেখৰ ওচৰ চাপিছে ভাৰতে, দেশৰ প্ৰথমটো সূৰ্য মিছন আজি পাবগৈ গন্তব্যস্থান
উত্তৰাখণ্ডঃ এদিনৰ বাবে স্থগিত চাৰিধাম যাত্ৰা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বেলুচিস্তানৰ কয়লা খনিত বিষাক্ত গেছ নিৰ্গত হোৱাৰ ফলত তিনি শ্ৰমিকৰ মৃত্যু
Next Article বোকাখাতৰ কুৰুৱাবাহী পঞ্চায়তত অৰুণোদয় আঁচনিত ব্যাপক খেলিমেলিৰ অভিযোগ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?