–কলকাতাত ভাৰতৰ প্ৰথমখনআণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰে’ল উদ্বোধন
গুৱাহাটী, । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ পশ্চিম চম্পাৰণ জিলাৰ বেতিয়াত ১২,৮০০ কোটি টকাৰ ব্যয় সাপেক্ষে ৰে’ল, পথ, পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ সম্পৰ্কীয় একাধিক আন্তঃগাঁথনিমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে।
প্ৰধানমন্ত্ৰীয়ে বিভিন্ন ৰে’ল প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে বাপুধাম মতিহাৰী- পিপৰাহান আৰু নৰকটিয়াগঞ্জ- গৌনাহা গজ ৰূপান্তৰৰ ৬২ কিলোমিটাৰ ৰে’ল পথৰ দ্বৈতকৰণ ৰাষ্ট্ৰলৈ সমৰ্পণ কৰে। প্ৰধানমন্ত্ৰীয়ে ৯৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ গোৰখপুৰ কেণ্ট– বাল্মীকি নগৰ দ্বৈত ৰে’লপথ আৰু বৈদ্যুতিকৰণ, বেতিয়া ৰে’ল ষ্টেচনৰ পুনৰ্বিকাশৰ আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে নৰকটিয়াগঞ্জ- গৌনাহা আৰু ৰাক্সৌল-যোগবানীৰ মাজত দুখন নতুন ৰে’ল সেৱাৰো শুভাৰম্ভ কৰে।
এই উপলক্ষ্যে আয়োজিত অনুষ্ঠানত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে দেশত স্থাপন কৰা সমগ্ৰ ৰে’ল লাইন বা ৰে’ল সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মিত, যাৰ ফলত দেশৰ জনসাধাৰণৰ বাবে নিযুক্তি সৃষ্টি হৈছে। তেখেতে কয় যে বিহাৰত আধুনিক ৰে’ল ইঞ্জিন নিৰ্মাণ কাৰখানাসমূহ বৰ্তমানৰ চৰকাৰে নিজেই আৰম্ভ কৰিছে।
ইয়াৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে আজি কলকাতাত দেশৰ প্ৰথমখন ৱাণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰে’ল পৰিবহন সুৰংগও উদ্বোধন কৰে। তেখেতে কলকাতাত ১৫,৪০০ কোটি টকাৰ একাধিক সংযোগ প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে। তেখেতে এস্প্লেনেড – হাওড়া ময়দান মেট্ৰ’ পথেৰে যাত্ৰা কৰে, যি হৈছে কলকাতাত ভাৰতৰ প্ৰথমখনৱাণ্ডাৰ ৱাটাৰ মেট্ৰ’ ৰেনল। মেট্ৰন যাত্ৰাত তেখেতে শ্ৰমিক আৰু স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ সৈতেও বাৰ্তালাপ কৰে।
