নতুন দিল্লী, । ৰাষ্ট্ৰীয় মহিলা আয়োগে পশ্চিম বংগৰ সন্দেশখালিত সংঘটিত হোৱা হিংসাৰ প্ৰতিবেদন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ওচৰত দাখিল কৰিছে। ১৩ পৃষ্ঠাৰ এই প্ৰতিবেদনত পশ্চিম বংগৰ পৰিস্থিতিৰ কথা উল্লেখ কৰি মহিলা আয়োগে ৰাষ্ট্ৰপতিৰ শাসন প্ৰযোজ্য কৰাৰ পৰামৰ্শ আগবঢ়াইছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই মঙলবাৰে ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰে। এই বৈঠকৰ সময়ত তেওঁ ৰাষ্ট্ৰপতিক পৰিস্থিতিৰ বিষয়ে অৱগত কৰে।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ প্ৰতিবেদনত সন্দেশখালিত মহিলাৰ বিৰুদ্ধে সংঘটিত অপৰাধ আৰু তেওঁলোকৰ অৱস্থাৰ বিষয়ে তথ্য দিয়া হৈছে। আয়োগে কয় যে এই প্ৰতিবেদনত সেই মহিলাসকলৰ নিৰ্যাতনৰ সন্মুখীন হোৱাৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছে, যিসকলে আৰক্ষী বিষয়া আৰু তৃণমূল কংগ্ৰেছৰ সদস্যসকলে কেনেকৈ ভয়ৰ পৰিৱেশ সৃষ্টি কৰিছিল সেই কথা কৈছে। মহিলাসকলে তেওঁলোকৰ লগত ঘটা ঘটনাৰ বিষয়ে কয়। প্রতিবেদনত মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ উদ্দেশ্যক লৈও প্রশ্ন উত্থাপন হৈছে ৷
পশ্চিম বংগৰ আইন-শৃংখলাৰ দুৰ্বল পৰিস্থিতি, মহিলাৰ বিৰুদ্ধে অপৰাধ বৃদ্ধি পোৱা আৰু আৰক্ষীৰ ওপৰত ৰাজনৈতিক হেঁচাত পৰি অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ সকলো প্ৰমাণ প্ৰতিবেদনত দাঙি ধৰা হৈছে। সন্দেশখালিত পলমকৈ লোৱা পদক্ষেপৰ কথাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে। ইয়াৰ সমান্তৰালকৈ মহিলাৰ প্ৰতি ৰাজ্য আৰক্ষীৰ সংবেদনহীন মনোভাৱক লৈও প্ৰশ্ন উত্থাপন হৈছে।
আয়োগৰ অধ্যক্ষ ৰেখা শৰ্মাই কয় যে ‘সন্দেশখালি একমাত্ৰ ঘটনা নহয়। বিগত সময়তো ৰাজ্যত নাৰী নিৰ্যাতনৰ বহু ঘটনা সংঘটিত হৈছিল যদিও ৰাজ্য চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ৰেখা শৰ্মাই কয় যে ৰাষ্ট্ৰপতিক সন্দেশখালীৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হৈছে। ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁলোকক জনাইছে যে তেওঁ ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে অৱগত আৰু প্ৰতিটো উন্নয়ন তীক্ষ্ণ দৃষ্টি ৰাখিছে।
উল্লেখযোগ্য যে ১৬ ফেব্ৰুৱাৰীত মহিলা আয়োগে এখন তথ্য বিচাৰি উলিওৱা সমিতি গঠন কৰিছিল। ইয়াৰ পিছত এন চি ডব্লিউৰ এটা দল সন্দেশখালি ভ্ৰমণ কৰিবলৈ যায়। দলটোৱে ভুক্তভোগী মহিলাসকলৰ সৈতে কথা পাতি তথ্য জানিব পাৰিলে। সন্দেশখালিত তৃণমূল কংগ্ৰেছৰ নেতা শ্বেখ শ্বাহজাহান আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে মহিলাৰ ওপৰত যৌন হিংসা আৰু ভূমি দখলৰ অভিযোগ উঠিছে।
