জম্মু, ০৬ জুন (হি.স.)। অবিৰত বৰষুণৰ মাজতে দেওবাৰে পুৱাই ইয়াৰ অৱস্থান শিবিৰৰ পৰা দক্ষিণ কাশ্মীৰ হিমালয়ৰ অমৰনাথ মন্দিৰলৈ ৭,২০০ৰো অধিক তীৰ্থযাত্ৰীৰ এটা নতুন দল ৰাওনা হয়। যোৱা ৩ জুলাইৰ পৰা আৰম্ভ হোৱা ৩৮ দিনীয়া বাৰ্ষিক তীৰ্থযাত্ৰাত দেওবাৰে ৫০ হাজাৰৰ সীমা অতিক্ৰম কৰে।
বিষয়াসকলে জনোৱা মতে, কটকটীয়া নিৰাপত্তাৰ মাজতে পুৱা ৩:৩৫ বজাৰ পৰা ৪:১৫ বজাৰ ভিতৰত ১,৫৮৭গৰাকী মহিলা আৰু ৩০টা শিশুকে ধৰি ৭,২০৮জনীয়া পঞ্চম গোটে ভাগৱতী নগৰৰ অৱস্থান শিবিৰৰ পৰা দুটা পৃথক কনভয়ত ওলাই যায়। ২ জুলাইৰ পিছত এইটোৱেই আছিল সৰ্বাধিক তীৰ্থযাত্ৰীৰ গোট, যেতিয়া লেফটেনেণ্ট গৱৰ্ণৰ মনোজ সিনহাই ইয়াৰ পৰাই যাত্ৰাৰ ফ্লেগ অফ কৰিছিল। ইয়াৰ লগে লগে জম্মু বেছ কেম্পৰ পৰা মুঠ ৩১,৭৩৬ গৰাকী তীৰ্থযাত্ৰী উপত্যকালৈ ৰাওনা হৈছে।
বিষয়াসকলে জনোৱা মতে, গণ্ডাৰবল জিলাৰ চুটি কিন্তু ১৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ বালতাল পথৰে ১৪৭খন বাহনত ৩১৯৯ গৰাকী তীৰ্থযাত্ৰীৰ প্ৰথমটো কনভয় ৰাওনা হয়। ইফালে অনন্তনাগ জিলাৰ ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ পৰম্পৰাগত পহলগাম পথেৰে ১৬০ খন বাহনত ৪,০০৯ জন তীৰ্থযাত্ৰী বাবে ৰাওনা হয়। নিশাৰ ভিতৰত জম্মুৰ বৃহৎ অঞ্চলত ধাৰাসাৰ বৰষুণৰ সন্মুখীন হ’বলগীয়া হয় তীৰ্থযাত্ৰীসকলে।
বিষয়াসকলৰ মতে, যোৱা ৩ জুলাইৰ পৰা যাত্ৰা আৰম্ভ হোৱাৰ পিছৰে পৰা ৩,৮৮০ মিটাৰ উচ্চতাৰ অমৰনাথ গুহা মন্দিৰ ৫০ হাজাৰতকৈ অধিক তীৰ্থযাত্ৰীয়ে দৰ্শন কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
