নতুন দিল্লী, ২৯ ফেব্ৰুৱাৰী : আজি (বৃহস্পতিবাৰ) ওড়িশাৰ কেওনঝাৰৰ গোনাছিকাৰ কাদলিবাদী গাঁৱত পিভিটিজিৰ সদস্যসকলৰ সৈতে মত বিনিময় কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। ইয়াৰ পিছতে ‘কেওনঝাৰৰ জনজাতি: জনসংখ্যা, সংস্কৃতি আৰু ঐতিহ্য’ শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰখন উদ্বোধন কৰিব। সন্ধিয়া ভুৱনেশ্বৰত উটকাল বিশ্ববিদ্যালয়ৰ ৫৩ সংখ্যক সমাৱৰ্তনত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব তেওঁ। এই তথ্য প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (পি আই বি)ৰ বিবৃতিত দিয়া হৈছে।
পিআইবিৰ তথ্য অনুসৰি অহা ১ মাৰ্চত ভাঞ্জা বিহাৰত বেৰহামপুৰ বিশ্ববিদ্যালয়ৰ ২৫ সংখ্যক সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰিব ৰাষ্ট্ৰপতি মুৰ্মুৱে। পিছত কটকত ওড়িশা ব্ৰহ্ম কুমাৰীৰ সোণালী জয়ন্তী উদযাপনৰ শোভা বঢ়াব। ভুৱনেশ্বৰৰ ৰাজভৱনত প্ৰধানমন্ত্ৰী জানমানৰ উপস্থাপন চাব ৰাষ্ট্ৰপতিগৰাকীয়ে। প্ৰকাশিত বাতৰি অনুসৰি, অহা ২ মাৰ্চ, ভ্ৰমণৰ অন্তিম দিনটোত ৰাষ্ট্ৰপতিগৰাকীয়ে ওড়িশাৰ সম্বলপুৰ জিলাৰ সন্থা কবি ভীমা ভৈৰ সৈতে জড়িত বিভিন্ন স্থান পৰিদৰ্শন কৰিব। সম্বলপুৰৰ মিনি ষ্টেডিয়ামত মহিমা পন্থৰ অনুগামীসকলকো সাক্ষাৎ কৰিব।
