নতুন দিল্লী, ৩০ ডিছেম্বৰ (হি.স.)। বাব্বৰ খালছা ইণ্টাৰনেশ্যনেলৰ সৈতে জড়িত গেংষ্টাৰ লখবীৰ সিং লাণ্ডাক সন্ত্ৰাসবাদী বুলি ঘোষণা কৰিছে ভাৰতে। বৰ্তমান তেওঁ কানাডাৰ এডমন্টন (আলবাৰ্টা)ত থাকে। ভাৰত চৰকাৰে অবৈধ কাৰ্যকলাপ আইনৰ অধীনত এই সিদ্ধান্ত গ্ৰহণ কৰিছে। লাণ্ডা পঞ্জাৱৰ তৰণ তাৰণ জিলাৰ বাসিন্দা। শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰে।
এই অধিসূচনা অনুসৰি লাণ্ডাই পাকিস্তানৰ পৰা ভাৰতলৈ চোৰাংভাৱে অনা অস্ত্ৰ-শস্ত্ৰ আৰু আই ই ডি যন্ত্ৰৰ ওপৰত নিৰীক্ষণ কৰে। ২০২২ চনৰ ৯ মে’ত পঞ্জাৱ আৰক্ষীৰ চোৰাংচোৱা মুখ্য কাৰ্যালয়ত ৰকেট চালিত গ্ৰেনেড আক্ৰমণৰ মাষ্টাৰমাইণ্ডো আছিল লাণ্ডা। তেওঁৰ বিৰুদ্ধে পঞ্জাৱ আৰক্ষী আৰু এন আই এয়ে গোচৰ ৰুজু কৰিছে। বৰ্তমান তেওঁ পলাতক হৈ কানাডাত আত্মগোপন কৰি আছে। কানাডাৰ খালিস্তান সমৰ্থক শক্তিৰ সৈতেও লাণ্ডাৰ সম্পৰ্ক আছে।
পঞ্জাৱ আৰক্ষীৰ মতে, লাণ্ডাই পঞ্জাৱৰ লগতে দেশৰ বিভিন্ন প্ৰান্ততো সন্ত্ৰাসবাদী মডিউল স্থাপন কৰে। লগতে ধন দাবী, হত্যা, বিস্ফোৰণ, নিচাযুক্ত দ্ৰব্য আৰু অস্ত্ৰ সৰবৰাহৰ লগত জড়িত। ২০২১ চনত লাণ্ডাৰ বিৰুদ্ধে এখন লুক আউট চাৰ্কুলাৰ জাৰি কৰা হৈছিল। এন আই এয়েও তেওঁৰ ওপৰত পুৰস্কাৰ ঘোষণা কৰিছে।
হিন্দুস্থান সমাচাৰ/মুকুন্দ/মনোজ
