নতুন দিল্লী, ০৫ ডিচেম্বৰ (হি.স.)। ভাৰত-ৰাছিয়াৰ সম্পৰ্কৰ বাবে আজি শুকুৰবাৰ উল্লেখযোগ্য দিন হ’ব। বৃহস্পতিবাৰে দুদিনীয়া ভ্ৰমণৰ বাবে দিল্লীত উপস্থিত হোৱা ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক বিমানবন্দৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদৰণি জনোৱাৰ লগতে একেখন গাড়ীতে প্ৰধানমন্ত্ৰীৰ বাসগৃহত উপস্থিত হয় দুয়োগৰাকী নেতা। আজি দিল্লীৰ হায়দৰাবাদ হাউচত ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলন অনুষ্ঠিত হ’ব, য’ত দুয়োখন দেশৰ মাজত উল্লেখযোগ্য চুক্তিৰ সম্ভাৱনা আছে।
ৰাছিয়াৰ সৈতে ভাৰতৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে আজি এক উল্লেখযোগ্য দিন। পুৱা ১১:৫০ বজাত হায়দৰাবাদ হাউচত অনুষ্ঠিত হ’ব ২৩ সংখ্যক সন্মিলন, য’ত প্ৰতিৰক্ষা, শক্তি, প্ৰযুক্তি, বাণিজ্যকে ধৰি পাৰস্পৰিক স্বাৰ্থৰ দ্বিপাক্ষিক বিষয়সমূহৰ ওপৰত উল্লেখযোগ্য চুক্তি হ’ব। এই সন্মিলনত প্ৰতিৰক্ষা সম্পৰ্ক শক্তিশালী কৰা, পাৰস্পৰিক বাণিজ্যক বাহ্যিক চাপৰ পৰা মুক্ত কৰি ৰখা আৰু ক্ষুদ্ৰ মডিউলাৰ উদ্যোগত সহযোগিতাৰ সম্ভাৱনাৰ সন্ধান কৰা আদিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
এই বৈঠকত আমেৰিকা, পাকিস্তান, চীন আৰু পশ্চিমীয়া দেশসমূহে তীক্ষ্ণ দৃষ্টি ৰাখিব। ভ্ৰমণকাৰী ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ উষ্ম সম্পৰ্কৰ বিষয়েও এই দেশসমূহৰ সংবাদ মাধ্যমত চৰ্চা চলি আছে। ৰাছিয়াৰ তেল ক্ৰয়ৰ বাবে আমেৰিকাই ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰাৰ ফলত ভাৰত-আমেৰিকাৰ সম্পৰ্ক অৱনতি ঘটিছে সেই সময়তে ৰাছিয়া-ভাৰত সন্মিলন অনুষ্ঠিত হৈছে। তদুপৰি ৰাছিয়া-ইউক্ৰেইনৰ সংঘাতত আমেৰিকাৰ মধ্যস্থতাৰ ফলত সৃষ্টি হোৱা বিশ্বব্যাপী পৰিস্থিতিও আছে। গতিকে আজি দুয়োখন দেশৰ মাজত হোৱা চুক্তিসমূহৰ ওপৰত বিশ্বৰ তীক্ষ্ণ নজৰ থাকিব।
हिन्दुस्थान समाचार / অৰৱিন্দ
