নতুন দিল্লী ভাৰতীয় জনতা পাৰ্টিৰ শীৰ্ষ নেতা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভা নিৰ্বাচনত ৪০০ খন আসন অতিক্ৰম কৰাৰ সংকল্পৰে দেশজুৰি ভ্ৰমণ কৰি আছে। আজি তেওঁ উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আৰু তামিলনাডু ভ্ৰমণলৈ যাব। ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ এক্স হেণ্ডেলত প্ৰধানমন্ত্ৰী মোডীৰ আজিৰ নিৰ্বাচনী কাৰ্যসূচী শ্বেয়াৰ কৰিছে।
বিজেপিৰ এক্স হেণ্ডেল অনুসৰি প্রধানমন্ত্রী মোদীয়ে প্রথমে উত্তৰ প্রদেশৰ পিলিভিতত পুৱা ১১ বজাত বিজেপিৰ ৰাজহুৱা সভাত ভাষণ দিব৷ ইয়াৰ পিছত তেওঁ মধ্যপ্ৰদেশৰ মহাকৌশলৰ বালাঘাটত উপস্থিত হ’ব। বিয়লি ২:৪৫ বজাত বালাঘাটত এখন ৰাজহুৱা সভাত ভাষণ দিব প্ৰধানমন্ত্ৰীয়ে। ইয়াৰ পিছত তেওঁ সন্ধিয়া তামিলনাডু পাবগৈ। সন্ধিয়া ৬.৩০ বজাত চেন্নাইত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ ৰোড শ্ব’ত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
হিন্দুস্থান সমাচাৰৰ চেন্নাই ব্যুৰোৰ তথ্য অনুসৰি আজি দুদিনীয়া ভ্ৰমণসূচীৰে তামিলনাডুত উপস্থিত হ’বহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আজি সন্ধিয়া ৬ বজাৰ পিছত চেন্নাইত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰোড শ্ব’ অনুষ্ঠিত কৰিব বুলি তামিলনাডু বিজেপিৰ মুৰব্বী কে আন্নামলাই প্ৰকাশ কৰিছে। এই ৰোড শ্ব’ত দক্ষিণ চেন্নাই আৰু মধ্য চেন্নাই দুয়োটা অংশ সামৰি লোৱা হ’ব। তামিলিছাই সৌন্দৰাৰাজন দক্ষিণ চেন্নাইৰ বিজেপি প্ৰাৰ্থী। বিনোজ পি চেলভামে মধ্য চেন্নাইৰ ডি এম কেৰ প্ৰবীণ নেতা দয়ানিধি মৰাণৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিছে। পিছদিনা বুধবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে বহু ঠাইত ৰাজহুৱা সভাত ভাষণ দিব।
