গোৱালপাৰা, গোৱালপাৰা জিলাৰ ধূপধৰাৰ বিকালী মহাবিদ্যালয়ত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গ্ৰন্থমেলাৰ আয়োজন কৰা হৈছে ৷ গ্ৰন্থেমেলাৰ উপৰি মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা হস্তশিল্প আৰু খাদ্যমেলাৰো আয়োজন কৰা হৈছে ৷ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী পাৰিষদ টংকেশ্বৰ ৰাভাই গ্ৰন্থমেলাৰ শুভ উদ্বোধন কৰাৰ লগতে বিকালী মহাবিদ্যালয়খনত স্থাপন কৰা একুৱৰিয়াম হাউচ আৰু কৃষি কেন্দ্ৰ এটাও ফিটা কাটি উদ্বোধন কৰে৷
ইপিনে মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ গগৈয়ে সঞ্চালনা কৰা উদ্বোধনী অনুষ্ঠানত টংকেশ্বৰ ৰাভাই মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি উদ্বোধনী ভাষণ দিয়ে ৷ আনহাতে বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰী, সম্পাদক অজিত হাজোৱাৰী, কেবাগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি তথা ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে ৷
