বিলাসপুৰ/ৰায়পুৰ, ০২ আগষ্ট (হি.স.)। ছত্তীশগড়ৰ দুৰ্গৰ পৰা গ্ৰেপ্তাৰ হোৱা দুয়োগৰাকী কেথলিক নানক বৃহৎ সকাহ দিছে এনআইএ আদালতে। বিলাসপুৰৰ এন আই এ আদালতত অনুষ্ঠিত হোৱা শুনানিত আদালতে তেওঁলোকৰ জামিন আবেদনত অনুমোদন জনাই জামিন মঞ্জুৰ কৰিছে। উভয় পক্ষৰ যুক্তি শুনা পাছত আদালতে জামিনৰ সিদ্ধান্ত লৈছে।
শুকুৰবাৰে এন আই এৰ আদালতত ২ গৰাকী কেথলিক নন প্ৰীতি মেৰী আৰু ভাণ্ডানা ফ্ৰান্সিছৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰা হয়। বিচাৰ বিভাগে জামিনৰ বিৰোধিতা কৰাৰ বিপৰীতে প্ৰতিৰক্ষাই কয় যে ননসকলে তদন্তত সহযোগিতা কৰিছে আৰু তেওঁলোকৰ বিৰুদ্ধে কোনো সুনিৰ্দিষ্ট প্ৰমাণ নাই। দুয়োপক্ষৰ যুক্তি শুনানিৰ পিছত প্ৰধান জিলা আৰু অধিবেশন ন্যায়াধীশ (এন আই এ আদালত) ছিৰাজুদ্দিন কুৰেশ্বীৰ আদালতে এই সিদ্ধান্ত সংৰক্ষণ কৰে। শনিবাৰে আদালতে ৰায়দান কৰি দুয়োগৰাকী ননকে জামিন প্ৰদান কৰে।
উল্লেখযোগ্য যে, শেহতীয়াকৈ ২৫ জুলাইত দুর্গ ৰে’লৱে ষ্টেচনৰ পৰা মানৱ সৰবৰাহৰ অভিযোগত দুয়োগৰাকী নানক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ এই গ্ৰেপ্তাৰক লৈ সংসদতো হুলস্থুলৰ সৃষ্টি হৈছিল। এই বিষয়ত বিজেপি আৰু কংগ্ৰেছৰ পৰা ধাৰাবাহিক বক্তব্য আৰম্ভ হৈছে। বাওঁপন্থী মহিলা নেত্ৰী বৃন্দা কাৰাটকে ধৰি কেৰালাৰ বহু সাংসদেও ননসকলৰ মুক্তিৰ দাবীত ছত্তীশগড়ত উপস্থিত হৈছিল।
কংগ্ৰেছৰ ৰাজ্যিক সভাপতি দীপক বাইজে কয় যে ৰাজ্য চৰকাৰে নিজৰ ব্যৰ্থতা লুকুৱাবলৈ নানসকলক গ্ৰেপ্তাৰ কৰিছে, আনহাতে বিজেপিয়ে ইয়াক আইন অনুসৰি আৰু মানৱ সৰবৰাহৰ বিৰুদ্ধে এক কাৰ্য্য বুলি অভিহিত কৰিছিল ।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
