লণ্ডন, ১৬ নৱেম্বৰ : ভাৰতৰ বৈদেশিক মন্ত্ৰী এছ জয়শংকৰে কানাডাৰ প্ৰধানমন্ত্ৰী জাষ্টিন ট্ৰুডোৰ অভিযোগ সন্দৰ্ভত কয় যে ভাৰতে কোনো ধৰণৰ তদন্তক অস্বীকাৰ কৰা নাই যদিও কানাডাই নিজৰ অভিযোগৰ সমৰ্থনত ভাৰতৰ সৈতে কোনো প্ৰমাণ ভাগ কৰা নাই।
পাঁচদিনীয়া ভ্ৰমণসূচীৰে ব্ৰিটেইনত উপস্থিত হোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে কয় যে কানাডাক খালিস্তানী বিচ্ছিন্নতাবাদী হত্যাৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ এজেণ্ট জড়িত থকাৰ অভিযোগ সন্দৰ্ভত প্ৰমাণ দিবলৈ কোৱা হৈছে। তেওঁ কয় যে ভাৰতে তদন্ত নুই নকৰে যদিও কানাডাই নিজৰ অভিযোগৰ সমৰ্থনত কোনো প্ৰমাণ ভাগ কৰা নাই। খালিস্তান সমৰ্থক কাৰ্যকলাপৰ কথা উল্লেখ কৰি তেওঁ কয় যে বাক বা মত প্ৰকাশৰ স্বাধীনতাইও এক নিৰ্দিষ্ট দায়িত্ব কঢ়িয়াই আনে আৰু সেই স্বাধীনতাৰ অপব্যৱহাৰ আৰু ৰাজনৈতিক উদ্দেশ্যত ইয়াৰ ব্যৱহাৰ সহ্য কৰাটো ভুল হ’ব।
উল্লেখযোগ্য যে ১৮ জুনত ব্ৰিটিছ কলম্বিয়াত খালিস্তানী বিচ্ছিন্নতাবাদী হৰদীপ সিং নিজ্জৰক হত্যা কৰা হৈছিল। ২০২০ চনত ভাৰতে সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা নিজ্জৰ হত্যাকাণ্ডত ভাৰতীয় এজেণ্ট জড়িত হোৱাৰ সম্ভাৱনাৰ অভিযোগ উত্থাপন কৰাৰ পিছতে দুয়োখন দেশৰ মাজত গুৰুতৰ তিক্ততাৰ সৃষ্টি হয়।
