ইটানগৰ, ২০ ফেব্ৰুৱাৰী : মঙলবাৰে বিয়লি অৰুণাচলৰ ৰাজধানী ইটানগৰত উপস্থিত হয় উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰ। স্থানীয় হোলংগী বিমানবন্দৰত ৰাজ্যপাল কে টি পৰনায়ক আৰু মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে তেওঁক আদৰণি জনায়। এইবাৰ উপ-ৰাষ্ট্ৰপতি ধনখৰৰ প্ৰথম অৰুণাচল প্ৰদেশ ভ্ৰমণ।
ভাৰতীয় বায়ুসেনাৰ বিমানেৰে ইটানগৰত উপস্থিত হৈছে উপ-ৰাষ্ট্ৰপতি ধনখৰ। অৰুণাচল প্ৰদেশৰ ৩৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনত অংশগ্ৰহণ কৰিব উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ এদিনীয়া থকাৰ সময়ছোৱাত। এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে ৰাজধানীৰ ইন্দিৰা গান্ধী পাৰ্কত। উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ইটানগৰৰ ৰাজভৱনো ভ্ৰমণ কৰাৰ কথা।
