নতুন দিল্লী, ৩১ জানুৱাৰী : আজিৰে পৰা আৰম্ভ হ’ব সংসদৰ চমু বাজেট অধিৱেশন। ইয়াৰ আৰম্ভণি হ’ব ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ ভাষণেৰে। দুয়োটা সদনৰ যৌথ অধিৱেশনত ভাষণ দিব ৰাষ্ট্ৰপতিগৰাকীয়ে। এই অধিবেশনত মুঠ আঠখন বৈঠকৰ প্ৰস্তাৱ দিয়া হৈছে। ১ ফেব্ৰুৱাৰীত দাখিল কৰা হ’ব অন্তৱৰ্তীকালীন বাজেট। এই তথ্য প্ৰদান কৰিছে সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে।
তেওঁ কয় যে ২০২৪ চনৰ অন্তৱৰ্তীকালীন বাজেট অধিবেশন অৰ্থাৎ সোতৰতম লোকসভাৰ অন্তিম অধিবেশন (৩১ জানুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ) হ’ব। ১ ফেব্ৰুৱাৰীত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট। উল্লেখযোগ্য যে যোৱা ১২ জানুৱাৰীত সংসদৰ বাজেট অধিৱেশন আৰম্ভ হোৱাৰ সন্দৰ্ভত লোকসভা আৰু ৰাজ্যসভা সচিবালয়ে এক অধিসূচনা জাৰি কৰিছিল। চলিত বৰ্ষৰ এপ্ৰিল-মে’ মাহত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পিছত গঠন হ’বলগীয়া নতুন চৰকাৰখনে পিছত সম্পূৰ্ণ বাজেট দাখিল কৰিব।
চলিত লোকসভাৰ কাৰ্যকাল ১৬ জুনত শেষ হ’ব। গতিকে সাধাৰণ নির্বাচন ঘোষণাৰ পূর্বে সোতৰতম লোকসভাৰ অন্তিম অধিৱেশন হ’ব বোধহয় এয়া ৷ ২০১৯ বৰ্ষৰ লোকসভা নিৰ্বাচন ১০ মাৰ্চত ঘোষণা কৰা হৈছিল আৰু ১১ এপ্ৰিলৰ পৰা ১৯ মে’ৰ ভিতৰত ৭টা পৰ্যায়ত ভোটদান হৈছিল।
