নতুন দিল্লী, ০৫ আগষ্ট (হি.স.)। ভাৰত আৰু ফিলিপাইনছৰ কূটনৈতিক সম্পৰ্কৰ ৭৫ বছৰীয়া জয়ন্তী উপলক্ষে ভাৰতত উপস্থিত হোৱা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি ফাৰ্ডিনাণ্ড আৰ মাৰ্কছ জুনিয়ৰে আজি তেওঁৰ সমকক্ষ দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নড্ডাক সাক্ষাৎ কৰিব।
ভাৰত ভ্ৰমণলৈ অহা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছে আজি ৰাজঘাট ভ্ৰমণ কৰি জাতিৰ পিতা মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব। ইয়াৰ পিছতে হায়দৰাবাদ হাউছত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। সামুদ্ৰিক সহযোগিতা, প্ৰতিৰক্ষা, বাণিজ্য আৰু ডিজিটেল প্ৰযুক্তিকে ধৰি বিভিন্ন ক্ষেত্ৰত সহযোগিতাৰ বিষয়ে দুয়োখন দেশৰ মাজত আলোচনা কৰা হ’ব।
আজি তেওঁ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু আৰু কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী তথা বিজেপিৰ সভাপতি জে পি নড্ডাকো সাক্ষাৎ কৰিব।
ইয়াৰ পূর্বে সোমবাৰে বৈদেশিক মন্ত্রী এছ জয়শংকৰে পাঁচ দিনীয়া ৰাজ্যিক ভ্রমণত ভাৰতত উপস্থিত হোৱা ফিলিপাইনছৰ ৰাষ্ট্ৰপতি মাৰ্কছক সাক্ষাৎ কৰে।
ভ্ৰমণৰ সময়ত তেওঁ বেংগালুৰুও ভ্ৰমণ কৰিব। মাৰ্কছৰ এই ভ্ৰমণ দুয়োখন দেশৰ মাজত চলি থকা ৰাজনৈতিক আলোচনাৰ এক গুৰুত্বপূৰ্ণ অংশ।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
