গোলাঘাট, ০৫ আগষ্ট (হি.স.): সোমবাৰ বিয়লি স্বাস্থ্য আৰু পৰিয়াল কল্যাণ তথা জলসিঞ্চন বিভাগৰ মন্ত্ৰী মন্ত্রী অশোক সিংঘালে সৰুপথাৰ অসামৰিক চিকিৎসালয় পৰিদর্শন কৰে । লগতে ৰেংমা নদীত নতুনকৈ স্থাপন কৰা জলসিঞ্চন প্ৰকল্পৰ পৰিদৰ্শন কৰাৰ লগতে ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদস্থলী বিদ্যাপুৰ অঞ্চলত পৰিদৰ্শন কৰে । স্থানীয় বিধায়ক বিশ্বজিৎ ফুকনে সংগ দিয়ে মন্ত্ৰী গৰাকীক । পৰিদর্শন কালত মন্ত্ৰী গৰাকীয়ে উচ্ছেদৰ দক্ষিণ নামবৰ সংৰক্ষিত বনাঞ্চলৰ গেলাজান, তিন নং ৰজাপুখুৰী নগাই নিজৰ বুলি দাবী কৰাৰ লগতে উৰিয়ামঘাটত নগাৰ আগ্ৰসন আৰু নঘেৰিবিলত এনএছচিএনৰ ভাবুকি সম্পৰ্কত মন্তব্য কৰে ।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ
