নতুন দিল্লী, ২৫ জুলাই (হি.স.)। ৰাহুল গান্ধীয়ে সাৱৰকাৰ সন্দৰ্ভত দিয়া বক্তব্যৰ সন্দৰ্ভত লক্ষ্ণৌৰ বিচাৰ আদালতত চলি থকা কাৰ্য্যবিধি পৰৱৰ্তী নিৰ্দেশ পৰ্যন্ত বৃদ্ধি কৰিছে উচ্চতম ন্যায়ালয়ে। চাৰি সপ্তাহৰ পিছত ৰাহুল গান্ধীৰ আবেদনৰ শুনানিৰ নিৰ্দেশ দিয়ে ন্যায়াধীশ দিপাংকৰ দত্তই।
ইয়াৰ পূৰ্বে ২৫ এপ্ৰিলত ৰাহুল গান্ধীয়ে সাৱৰকাৰ সন্দৰ্ভত দিয়া বক্তব্যৰ ওপৰত উচ্চতম ন্যায়ালয়ে কৈছিল যে আমি কাকো স্বাধীনতা সংগ্ৰামীৰ বিৰুদ্ধে আজেবাজে কথা ক’বলৈ দিব নোৱাৰো। তেওঁলোকে আমাক স্বাধীনতা দিলে আৰু আমি তেওঁলোকৰ লগত কেনে ব্যৱহাৰ কৰি আছো। ন্যায়াধীশ দিপাংকৰ দত্তই ৰাহুল গান্ধীক সকীয়াই দিছিল যে ভৱিষ্যতে যদি তেওঁ এনে কোনো বক্তব্য দিয়ে তেন্তে আমি স্বয়ং গুৰুত্ব দি ব্যৱস্থা গ্ৰহণ কৰিম।
অৱশ্যে ২৫ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে লক্ষ্ণৌৰ বিচাৰ আদালতত ৰাহুল গান্ধীৰ বিৰুদ্ধে চলি থকা অপৰাধমূলক মানহানিৰ গোচৰ স্থগিত ৰাখিছিল। আদালতে ৰাহুল গান্ধীক সকীয়াই দি নিম্ন আদালতে জাৰি কৰা চমন স্থগিত ৰাখিছিল। আচলতে ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ সময়ত সাৱৰকাৰক ইংৰাজৰ সেৱক বুলি অভিহিত কৰিছিল। লগতে তেওঁ কৈছিল যে সাৱৰকাৰে আগতে ইংৰাজৰ পৰা পেঞ্চন লৈছিল।
শুনানিৰ সময়ত ন্যায়াধীশ দিপাংকৰ দত্তই কৈছিল যে মহাত্মা গান্ধীক আমি ইংৰাজৰ সেৱক বুলি ক’ব পাৰোনে কাৰণ তেওঁ ভাইচৰয়লৈ লিখা চিঠিত লিখিছিল যে আপোনাৰ বিশ্বাসী সেৱক। ৰাহুল গান্ধীৰ হৈ হাজিৰ হোৱা জ্যেষ্ঠ অধিবক্তা অভিষেক মনু সিংৱীক আদালতে কৈছিল যে তেওঁৰ ক্লায়েণ্টৰ আইতাক অৰ্থাৎ তেতিয়াৰ প্ৰধানমন্ত্ৰীয়ে সাৱৰকাৰক প্ৰশংসা কৰি চিঠি লিখিছিল। স্বাধীনতা সংগ্ৰামীসকলৰ লগত এনে ব্যৱহাৰ কৰিব নোৱাৰি। আপুনি ৰাহুল গান্ধীক কওক যে স্বাধীনতা সংগ্ৰামীক লৈ দায়িত্বহীন বক্তব্য নিদিব।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
