নতুন দিল্লী, ১৩ নৱেম্বৰ (হি.স.)। বিশ্ব বাণিজ্য অনিশ্চয়তাৰ মাজতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত চৰকাৰে ৰপ্তানিৰ প্ৰসাৰৰ বাবে ৪৫,০০০ কোটি টকাৰ বুষ্টাৰ পেকেজৰ ঘোষণাক এক পদক্ষেপ বুলি অভিহিত কৰে যিয়ে বিশ্বৰ প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰৰ ৰপ্তানি প্ৰসাৰৰ সিদ্ধান্তই দেশৰ বিশ্বব্যাপী প্ৰতিযোগিতামূলক ক্ষমতা শক্তিশালী কৰিব, যোগান শৃংখল শক্তিশালী কৰিব, আৰু নতুন কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰিব।
তিনিটা পৃথক পোষ্টত প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই সিদ্ধান্তসমূহ স্বাৱলম্বী ভাৰতৰ সপোন বাস্তৱায়িত কৰাৰ দিশত এক বৃহৎ পদক্ষেপ। প্ৰধানমন্ত্ৰীয়ে কয় যে কেবিনেটে অনুমোদন জনোৱা ৰপ্তানিকাৰকৰ বাবে ঋণ নিশ্চয়তা আঁচনিখনে ৰপ্তানিকাৰকসকলক মসৃণ ব্যৱসায়িক কাৰ্য্যকলাপত সহায় কৰিব আৰু বিশ্ব প্ৰতিযোগিতাত ভাৰতৰ স্থান আৰু অধিক শক্তিশালী কৰিব। তেওঁ কয় যে এই পদক্ষেপে ভাৰতীয় উদ্যোগৰ বহনক্ষমতা, আত্মনিৰ্ভৰশীলতা, আৰু কৰ্মসংস্থাপন সৃষ্টিৰ ক্ষেত্ৰতো প্ৰসাৰিত কৰিব।
আন এটা পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয় যে মেড ইন ইণ্ডিয়াৰ প্ৰতিধ্বনি এতিয়া বিশ্বৰ বজাৰত অধিক ফলপ্ৰসূভাৱে শুনা যাব। তেওঁ কয় যে ৰপ্তানি প্ৰসাৰ অভিযানে (ইপিএম) ৰপ্তানি প্ৰতিযোগিতামূলক ক্ষমতা বৃদ্ধি কৰিব, যাৰ ফলত এমএছএমই খণ্ড, নতুন ৰপ্তানিকাৰক, আৰু শ্ৰম-নিবিড় উদ্যোগসমূহক বিশেষ সুবিধা প্ৰদান কৰা হ’ব। এই অভিযানে মূল অংশীদাৰসকলক জড়িত কৰি এক ফলপ্ৰসূ আৰু ফলাফলমুখী ব্যৱস্থাৰ সৃষ্টি কৰিব।
মন কৰিবলগীয়া যে বিশ্ব বাণিজ্য অনিশ্চয়তাৰ মাজতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে ভাৰতীয় ৰপ্তানি বৃদ্ধিৰ বাবে ৪৫ হাজাৰ কোটি টকাৰ বুষ্টাৰ পেকেজ ঘোষণা কৰে। ইয়াৰ ভিতৰত ৰপ্তানি প্ৰসাৰ অভিযানৰ বাবে ২৫,০৬০ কোটি আৰু ৰপ্তানিকাৰকৰ বাবে ঋণ নিশ্চয়তা আঁচনি সম্প্ৰসাৰণৰ বাবে ২০,০০০ কোটি টকা আবণ্টন দিয়া হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
