নতুন দিল্লী, ২৫ জুন (হি.স.)। দেশত জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ ত্যাগৰাজ ষ্টেডিয়ামত উদযাপন কৰা হ’ব ‘সংবিধান হত্যা দিৱস’। এই উপলক্ষে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ‘লোকতন্ত্ৰ অমৰ হওক যাত্ৰা’ৰ ফ্লেগ অফ কৰিব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰালয় আৰু দিল্লী চৰকাৰৰ যৌথ উদ্যোগত এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই তথ্য সাংস্কৃতিক মন্ত্ৰালয়ে অনুষ্ঠানৰ প্ৰাকক্ষণত প্ৰদান কৰে।
এই যাত্ৰাই সমগ্ৰ দেশ ভ্ৰমণ কৰি সাংবিধানিক মূল্যবোধ, গণতান্ত্ৰিক অধিকাৰ আৰু জৰুৰীকালীন অৱস্থাৰ পৰা লাভ কৰা শিক্ষাৰ বিষয়ে সজাগতা বিয়পাই দিব। এই অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকিব অমিত শ্বাহ। এই কাৰ্যসূচীত ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱ, সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত, দিল্লীৰ উপ-ৰাজ্যপাল বিনয় কুমাৰ ছাক্সেনা আৰু দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তা বিশেষভাৱে উপস্থিত থাকিব। এই তথ্য মঙলবাৰে দিয়ে সাংস্কৃতিক মন্ত্ৰালয়ে। এই সময়ত ষ্টেডিয়ামত ভাৰতীয় গণতন্ত্ৰৰ ওপৰত এখন বিশেষ প্ৰদৰ্শনীৰো আয়োজন কৰা হ’ব।
উল্লেখযোগ্য যে তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ১৯৭৫ চনৰ ২৫ জুন তাৰিখৰ মাজনিশা অল ইণ্ডিয়া ৰেডিঅ’ত জৰুৰীকালীন অৱস্থাৰ কথা ঘোষণা কৰিছিল। ভাৰতৰ স্বাধীনোত্তৰ ইতিহাসৰ অন্যতম ক’লা অধ্যায় হ’ল জৰুৰীকালীন অৱস্থা। এই সময়ছোৱাত নাগৰিকৰ মৌলিক অধিকাৰ স্থগিত ৰখা হৈছিল। প্ৰেছৰ ওপৰত চেন্সৰশ্বিপ জাপি দিয়া হৈছিল। গণতান্ত্ৰিক প্ৰতিষ্ঠানবোৰ ডিঙি চেপি ধৰা হৈছিল। উল্লেখ্য যে যোৱা বছৰ কেন্দ্ৰীয় চৰকাৰে ২৫ জুনৰ দিনটো সংবিধান হত্যা দিৱস হিচাপে আনুষ্ঠানিকভাৱে অধিসূচিত কৰিছিল।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
