ইম্ফল, ০৮ ডিচেম্বৰ (হি.স.)। মণিপুৰ আৰক্ষী আৰু নিৰাপত্তা বাহিনীয়ে দেওবাৰে পৃথকে পৃথকে অভিযান চলাই বিভিন্ন নিষিদ্ধ উগ্ৰপন্থী সংগঠনৰ চাৰিজন কেডাৰক গ্ৰেপ্তাৰ কৰে। এই অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ, যোগাযোগ সঁজুলি, পৰিচয় নথি-পত্ৰও উদ্ধাৰ কৰা হয়।
প্ৰথমটো অভিযানত বিষ্ণুপুৰ থানা এলেকাৰ নাইখং খুলেন আৱাং লাইকাইত নিজা ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰে সক্ৰিয় প্ৰেপাকৰ কেডাৰ লম্বাম ৰোশন সিং ওৰফে কেথাম ওৰফে আথাউবা (২৪)ক। অনুসন্ধানত দুটা ষ্টেলিয়ন প্ৰ’ বন্দুক, ১২ ব’ৰৰ ১৩টা লাইভ কাৰ্টিজ, এটা ৩৬ নং হেণ্ড গ্ৰেনেড, দুটা ৱাকি-টকি চেট, দুটা চাৰ্জাৰ, এটা বিপি জেকেট আৰু এটা টিনৰ ট্ৰাংক পোৱা গৈছে।
ইফালে নিৰাপত্তা বাহিনীয়ে ইম্ফল ইষ্টৰ লামলাই থানা এলেকাৰ খাৰছনম আৱাং লাইকাইত থকা কেৱাইকেএলৰ কেডাৰ লংজাম মোচা মেইটেই ওৰফে ৰাজ (৪১) নামৰ এজন লোকক গ্ৰেপ্তাৰ কৰে।
আন এক অভিযানত লামছাং থানা এলেকাৰ কদংবন্দ মায়াই লাইকাইৰ পৰা ইউএনএলএফ (কে)ৰ উগ্ৰপন্থী তথা ধনদাবী যুমখাইবাম ব্ৰজেন সিং (৫০)ক গ্ৰেপ্তাৰ কৰা হয়। তেওঁৰ পৰা দুটা মোবাইল ফোন, এখন আধাৰ কাৰ্ড, এয়াৰটেল এয়াৰফাইবাৰ ডিভাইচ এটা উদ্ধাৰ কৰা হৈছে।
সেইদিনা নিৰাপত্তা বাহিনীয়ে বিষ্ণুপুৰ জিলাৰ নিংথৌখং মাঠাক লাইকাইৰ পৰা কেচিপি (নংড্ৰেনখোম্বা) ফৈদৰ সদস্য হাওবিজাম নিংটাম্বা মেইটেই (৩১)ক গ্ৰেপ্তাৰ কৰে। তেওঁৰ পৰা উদ্ধাৰ হৈছে এটা মোবাইল ফোন আৰু এখন ভোটাৰ আইডি কাৰ্ড।
বিষয়াসকলে কয় যে এই গ্ৰেপ্তাৰসমূহ ৰাজ্যখনত ধন দাবী আৰু উগ্ৰপন্থী নেটৱৰ্ক ৰোধৰ বাবে চলি থকা অভিযানৰ অংশ।
हिन्दुस्थान समाचार / অৰৱিন্দ
