– প্ৰধানমন্ত্ৰী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অংশগ্ৰহণ
জয়পুৰ, ০৫ জানুৱাৰী (হি.স.)। আজিৰে পৰা জয়পুৰৰ ৰাজস্থান আন্তঃৰাষ্ট্ৰীয় কেন্দ্ৰত তিনিদিনীয়াকৈ ৫৮ সংখ্যক আৰক্ষী সঞ্চালক প্ৰধান-মহাপৰিদৰ্শক সন্মিলন আৰম্ভ হ’ব। এই সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল, নিৰাপত্তা সংস্থাসমূহৰ শীৰ্ষ বিষয়া আৰু দেশৰ বিভিন্ন প্ৰান্তৰ ডিজিপি-আইজিয়ে।
দুপৰীয়া ২.৩০ বজাত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিব এই সন্মিলন। এই সময়ছোৱাত বাহ্যিক আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয়ৰ বাহিৰেও পাৰমাণৱিক-জৈৱিক ভাবুকি, এ আই (কৃত্ৰিম বুদ্ধিমত্তা), গভীৰ ভুৱা, চাইবাৰ অপৰাধ, পুলিচিঙৰ প্ৰযুক্তি, সন্ত্ৰাসবাদ বিৰোধী প্ৰত্যাহ্বান, বাওঁপন্থী উগ্ৰবাদ, কাৰাগাৰ সংস্কাৰ আৰু আভ্যন্তৰীণ নিৰাপত্তাৰ বিষয় আছিল বিতংভাৱে আলোচনা কৰা হ’ব।
নিৰ্ধাৰিত সময়সূচী অনুসৰি আজি বিয়লি ৪:৩০ বজাত দিল্লীৰ পৰা যাত্ৰা কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। সন্ধিয়া ৫.৩০ বজাত জয়পুৰ পাবগৈ। সন্ধিয়া বিজেপিৰ ৰাজ্যিক সদৰত বিজেপিৰ বিধায়ক আৰু ৰাজ্যিক বিষয়ববীয়াৰ বৈঠকত অংশ ল’ব প্ৰধানমন্ত্ৰীয়ে। লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এই বৈঠকক গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।
হিন্দুস্থান সমাচাৰ/ৰোহিত/মনোজ/অৰৱিন্দ
