
আইজল, ০১ ডিচেম্বৰ(হি.স.)। মিজোৰামৰ কাৰাগাৰৰ পৰা তিনি গৰাকী বিচাৰাধীন বন্দী পলায়ন কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। বৃহস্পতিবাৰে দুপৰীয়া ১ বজাৰ পৰা ২ বজাৰ ভিতৰত হাজতী কেইগৰাকী আইজলৰ কেন্দ্ৰীয় মহিলা কাৰাগাৰৰ পৰা পলায়ন কৰিছে। পলায়ন কৰা বন্দী কেইজন হৈছে চুৰাচান্দপুৰৰ নিয়েংবৈ কাম্বোই (৩৩),আইজল থুয়ামপুইৰ লালৰুৱাটছংগী(২৮) আৰু টুইৰিয়েলৰ লালচনমাৱী (৪২)।
এওঁলোক আটায়ে ড্ৰাগছ সৰবৰাহৰ অভিযোগত কাৰাগাৰত বিচাৰাধীন বন্দী হিচাবে আছিল।পলাতক বন্দী কেইজনৰ কোনো সম্ভেদ পালে জোনুৱাম আৰক্ষী চকী ফোন নং.৮৭৯৪৭৪৭২৯৫ বা ওচৰৰ আৰক্ষী থানা/আৰক্ষী চকীত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে মিজোৰাম আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ/প্ৰকাশ/ৰমেন/আলোক.
