নতুন দিল্লী, ১০ ছেপ্টেম্বৰ (হি.স.)। বেংগালুৰুৰ বিধান সৌধাত বৃহস্পতিবাৰে কমনৱেলথ সংসদীয় সন্থা (চিপিএ) ভাৰত অঞ্চলৰ একাদশ সন্মিলন উদ্বোধন কৰিব লোকসভাৰ অধ্যক্ষ ওম বিৰলাই। বিৰলা চিপিএ ভাৰত অঞ্চলৰ সভাপতিও।
উদ্বোধনী অধিৱেশনৰ সময়ত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমৈয়া, ৰাজ্যসভাৰ উপ অধ্যক্ষ হৰিৱংশকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকলে উপস্থিত বিশিষ্ট ব্যক্তিসকলক সম্বোধন কৰিব। কৰ্ণাটক বিধানসভাৰ অধ্যক্ষ ইউ.টি. খদৰ ফৰিদে আদৰণি ভাষণ প্ৰদান কৰিব আৰু চিপিএ কৰ্ণাটক শাখাৰ সম্পাদকে ধন্যবাদ জ্ঞাপন কৰিব।
১৩ ছেপ্টেম্বৰত সামৰণি অধিৱেশনত ভাষণ দিব কৰ্ণাটকৰ ৰাজ্যপাল থাৱাৰ চান্দ গেহলট আৰু লোকসভাৰ অধ্যক্ষ ওম বিৰলাই।
তিনিদিনীয়া এই অনুষ্ঠান (১১-১৩ ছেপ্টেম্বৰ) কৰ্ণাটক বিধানসভাই চিপিএ কৰ্ণাটক শাখাৰ তত্বাৱধানত আয়োজন কৰিছে। এই সন্মিলনৰ বিষয়বস্তু হৈছে ‘বিধানসভাৰ সদনত বিতৰ্ক আৰু আলোচনা: জনসাধাৰণৰ আস্থা গঢ়ি তোলা, জনসাধাৰণৰ আকাংক্ষা পূৰণ কৰা।’ এই উপলক্ষে বিৰলাই এখন প্ৰদৰ্শনী উদ্বোধন কৰাৰ লগতে এখন স্মৃতিগ্ৰন্থও মুকলি কৰিব।
বিধান সৌধত আয়োজিত উদ্বোধনী অনুষ্ঠানত অধ্যক্ষ, ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধানসভাৰ অধ্যক্ষকে ধৰি সভাপতি বিষয়াসকলে অংশগ্ৰহণ কৰিব। বিদেশী সংসদৰ সভাপতি বিষয়াৰ লগতে কমনৱেলথ সংসদীয় সন্থাৰ সভাপতি আৰু মহাসচিবকো এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে।
हिन्दुस्थान समाचार / অৰৱিন্দ
