নতুন দিল্লী, ১৬ নৱেম্বৰ (হি.স.)। ব্ৰাজিলৰ চাও পাওলোত অনুষ্ঠিত তৃতীয় আন্তঃৰাষ্ট্ৰীয় আয়ুৰ্বেদ সন্মিলনত বিশেষজ্ঞসকলে দুদিনত আয়ুৰ্বেদৰ ৪০ বছৰীয়া জয়ন্তী উদযাপনৰ যাত্ৰা, ভাৰত আৰু ব্ৰাজিলৰ মাজত ক্ৰমবৰ্ধমান সহযোগিতা, পৰম্পৰাগত চিকিৎসা বিজ্ঞানৰ ভৱিষ্যত, নতুন গৱেষণাৰ সুযোগ, ব্ৰাজিলৰ চৰকাৰী চাকৰিৰ শিতানত আয়ুৰ্বেদক অন্তৰ্ভুক্ত কৰা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ওপৰত আলোচনা কৰে। লগতে ডিচেম্বৰ মাহত নতুন দিল্লীত অনুষ্ঠিত হ’বলগীয়া বিশ্ব স্বাস্থ্য সংস্থা আৰু আয়ুছ মন্ত্ৰালয়ৰ বিশ্বব্যাপী সন্মিলনৰ প্ৰস্তুতিৰ ওপৰতো আলোচনা কৰা হয়।
স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি এই কাৰ্যসূচী উদ্বোধন কৰে ব্ৰাজিলত ভাৰতৰ ৰাষ্ট্ৰদূত দীনেশ ভাটিয়াই। মন্ত্ৰালয়ে উল্লেখ কৰিছে যে পৰম্পৰাগত নিৰাময় ব্যৱস্থাৰ ক্ষেত্ৰত ভাৰত আৰু ব্ৰাজিলৰ মাজত সহযোগিতা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। দক্ষিণ আমেৰিকাৰ প্ৰথমখন দেশ ব্ৰাজিলে আয়ুৰ্বেদক আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া, আৰু এই অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰি তুলিছে এই বছৰ ব্ৰাজিলৰ উপ-ৰাষ্ট্ৰপতি জেৰাল্ডো আলকমিনৰ ভাৰত ভ্ৰমণে।
আয়ুষ মন্ত্ৰালয়ৰ সচিব বৈদ্য ৰাজেশ কোটেচাই ভাষণত কয় যে আয়ুৰ্বেদ হৈছে শৰীৰ, মন, জীৱনশৈলীৰ ভাৰসাম্যৰ ওপৰত ভিত্তি কৰি গঠিত এক বিজ্ঞান। তেওঁ কয় যে দুয়োখন দেশৰ মাজত চুক্তি আৰু প্ৰতিষ্ঠানিক সহযোগিতা আয়ুৰ্বেদৰ বিশ্বব্যাপী সম্প্ৰসাৰণৰ বাবে গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হৈছে। ব্ৰাজিলত বহু বছৰ ধৰি আয়ুৰ্বেদৰ প্ৰচাৰ কৰি অহা বিশেষজ্ঞসকলকো তেওঁ প্ৰশংসা কৰে।
স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰৰ সঞ্চালক জ্যোতি কিৰণ শুক্লাই কয় যে ভাৰত আৰু ব্ৰাজিলৰ সুস্থতা পৰম্পৰাত সাদৃশ্য আছে আৰু দুয়োখন দেশে এই খণ্ডক শক্তিশালী কৰাৰ বাবে একেলগে কাম কৰি আছে।
সন্মিলনৰ সময়ত বক্তৃতা আৰু আলোচনাত বিভিন্ন বিষয় সামৰি লোৱা হৈছিল। আয়ুৰ্বেদৰ বৈজ্ঞানিক সম্ভাৱনা, ইয়াৰ প্ৰশিক্ষণ, আৰু ইয়াৰ ক্ৰমবৰ্ধমান স্থানীয় ব্যৱহাৰৰ ওপৰত বিশেষজ্ঞসকলে নিজৰ মতামত ব্যক্ত কৰে। মন্ত্ৰালয়ে উল্লেখ কৰে যে ব্ৰাজিলে এতিয়া আয়ুৰ্বেদক নিজৰ চৰকাৰী চাকৰিৰ শ্ৰেণীৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে, যিটো তাত এই প্ৰথা সম্প্ৰসাৰণৰ দিশত এক ডাঙৰ পদক্ষেপ হিচাপে বিবেচিত হৈছে।
স্বামী বিবেকানন্দ সাংস্কৃতিক কেন্দ্ৰ আৰু ব্ৰাজিলৰ নেচনেল কাউন্সিল ফৰ ছেল্ফ-ৰেগুলেচন অৱ আয়ুৰ্বেদ (কনয়ুৰ)ৰ উদ্যোগত ১৪ আৰু ১৫ নৱেম্বৰত আয়োজিত এই অনুষ্ঠানত বৃহৎ সংখ্যক বিশেষজ্ঞ, গৱেষক আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।
ব্ৰাজিলত আয়ুৰ্বেদৰ আগন্তুক ৪০ বছৰৰ সম্ভাৱনা আৰু প্ৰত্যাহ্বানৰ ওপৰত গোলমেজ আলোচনাৰে অনুষ্ঠানৰ সামৰণি পৰে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
