ঢাকা, ২৪ জুন (হি.স.)। আজি আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ত বাংলাদেশৰ পদচ্যুত প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ দুজন শীৰ্ষ সহায়কৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিব পৰা নগ’ল। আইচিটি-১-এ জনোৱা মতে, এতিয়া ১ জুলাইত অভিযোগ নিশ্চিত কৰা হ’ব। শ্বেখ হাছিনাৰ উপৰিও প্ৰাক্তন গৃহমন্ত্ৰী আছাদুজ্জামান খান আৰু প্ৰাক্তন আৰক্ষী মহাপৰিদৰ্শক চৌধুৰী আব্দুল্লা আল-মামুনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা হ’ব।
বাংলাদেশৰ দ্য ডেইলী ষ্টাৰ কাকতৰ বাতৰি অনুসৰি আইচিটি-১ৰ ন্যায়াধীশ মহম্মদ গোলাম মুৰ্তুজা মজুমদাৰৰ নেতৃত্বত তিনিজনীয়া ন্যায়াধিকৰণ বিচাৰপীঠে আজি পলাতক অভিযুক্ত আছাদুজ্জামান আৰু হাছিনাৰ বাবেও প্ৰতিৰক্ষা অধিবক্তা নিযুক্তি দিয়াৰ নিৰ্দেশ প্ৰদান কৰে। ১ জুনত বিচাৰ বিভাগে তিনিওজনৰ বিৰুদ্ধে আনুষ্ঠানিক অভিযোগ দাখিল কৰিছিল, তেওঁলোকৰ বিৰুদ্ধে হত্যা, হত্যাৰ চেষ্টা, নিৰ্যাতন আৰু মাৰাত্মক অস্ত্ৰ ব্যৱহাৰ আদিৰ অভিযোগ উত্থাপন কৰিছিল। ট্ৰিবিউনেলে ১ জুনত অভিযোগৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আজিৰ তাৰিখ নিৰ্ধাৰণ কৰিছিল।
১ জুনত বিচাৰ বিভাগে বিচাৰপীঠক জনাইছিল যে শ্বেখ হাছিনা ৫ আগষ্টৰ পৰা ভাৰতত আছে।আছাদুজ্জামানো তাত আত্মগোপন কৰি আছে। জিম্মাত আছে প্ৰাক্তন আৰক্ষী অধীক্ষক মামুন। আজি বিচাৰ বিভাগে তেওঁক বিচাৰপীঠৰ সন্মুখত হাজিৰ কৰে। তিনিওজনৰ বিৰুদ্ধে মানৱতাৰ বিৰুদ্ধে অপৰাধৰ ৫টা গোচৰ ৰুজু কৰা হৈছে।
প্ৰথম অভিযোগ: নিৰস্ত্ৰ ছাত্ৰ প্ৰতিবাদকাৰীৰ ওপৰত আইন প্ৰয়োগকাৰী আৰু আৱামি লীগৰ কৰ্মীৰ বিৰুদ্ধে হিংসা ৰোধ কৰাত ব্যৰ্থ হোৱা। হিংসাৰ দোষীক সহায় কৰা। হত্যাৰ বাবে উচটনি দিয়া। প্ৰতিবাদকাৰীক অত্যাচাৰ।
দ্বিতীয় অভিযোগ : প্ৰতিবাদকাৰী ছাত্ৰ-ছাত্ৰীক দমন কৰিবলৈ মাৰাত্মক অস্ত্ৰ (হেলিকপ্টাৰ আৰু ড্ৰোনকে ধৰি) ব্যৱহাৰৰ নিৰ্দেশ দিয়া।
তৃতীয় অভিযোগ : ১৬ জুলাইত আবু ছাইদক হত্যা কৰাৰ ষড়যন্ত্ৰ কৰা।
চতুৰ্থ অভিযোগঃ ৫ আগষ্টত ঢাকাৰ চানখৰপুলত ছয়জন নিৰস্ত্ৰ প্ৰতিবাদকাৰীক হত্যা কৰা।
পঞ্চম অভিযোগঃ পাঁচজন প্ৰতিবাদকাৰীক গুলীয়াই হত্যা কৰা। ইয়াৰ পিছত পাঁচজনৰ মৃতদেহ জ্বলোৱাৰ চেষ্টা আৰু আন এজন প্ৰতিবাদকাৰীক জীৱিত অৱস্থাত জ্বলাই দিয়া।
ইয়াৰ উপৰিও আজি আইচিটি-১-এ একাংশ লোকক বলপূৰ্বকভাৱে নিৰুদ্দেশ কৰাৰ গোচৰত হাছিনা আৰু আন ১০জনৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন দাখিল কৰাৰ সময়সীমা ২৪ আগষ্টলৈ বৃদ্ধি কৰে। অভিযোগ নিশ্চিত কৰণৰ বাবে দুমাহৰ সময় বিচাৰিছিল বিচাৰ বিভাগে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
