ইছলামাবাদ, ২১ জুলাই (হি.স.)। শেহতীয়াকৈ পাকিস্তানৰ বেলুচিস্তানত বিবাহপাশত আবদ্ধ হোৱা এজন পুৰুষ আৰু এগৰাকী মহিলাৰ হত্যাকাণ্ড (অনাৰ কিলিং)ৰ ঘটনা সন্দৰ্ভত এজন জনজাতীয় নেতাকে ধৰি কমেও ১১জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে। হত্যাকাণ্ডৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছত এতিয়া এই গোচৰটো বিশেষ অপৰাধ অনুসন্ধান শাখাক গতাই দিয়া হৈছে। বেলুচিস্তান উচ্চ ন্যায়ালয়ে গোচৰটোৰ সন্দৰ্ভত গুৰুত্ব দি দুজন গুৰুত্বপূৰ্ণ বিষয়াক মাতি আনে।
ডন কাকতৰ খবৰ অনুসৰি বিশেষ অপৰাধ অনুসন্ধান শাখাৰ আৰক্ষী অধীক্ষক চৈয়দ ছাবূৰ আঘাই ১১ জন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰাটো নিশ্চিত কৰিছে। ধৃত জনজাতীয় নেতাই দম্পতীহালক গুলীয়াই হত্যা কৰাৰ নিৰ্দেশ দিয়া বুলিও তেওঁ কয়। আজি সকলোকে ন্যায়িক দণ্ডাধীশৰ সন্মুখত হাজিৰ কৰা হ’ব।
আৰক্ষী অধীক্ষক চৈয়দ ছাবূৰ আঘাৰ মতে, ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে একাংশ লোকে গাড়ীৰ পৰা দুজনমানক নমাই মৰুভূমিলৈ লৈ যায়। তাত দুয়োকে গুলীয়াই হত্যা কৰা হয়। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছত ইয়াক অনাৰ কিলিং বুলি অভিহিত কৰা হয়। বেলুচিস্তানৰ মুখ্যমন্ত্ৰী ছাৰফৰাজ বুগটিয়ে দেওবাৰে কয় যে এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
কুৱেটাৰ হান্না-উৰাক থানাৰ এছ এইচ অ’ নভিদ আখতাৰে জনোৱা মতে, এফ আই আৰৰ পিছতে তদন্ত কৰা হৈছিল। এই সময়তে ঈদ-উল-আজহাৰ তিনিদিন পূৰ্বে ডাগৰিৰ সঞ্জিদী অঞ্চলত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। তেওঁ জানিবলৈ দিয়া মতে, নিহত দুজন বানো বিবি আৰু ইহছানুল্লাহ বুলি চিনাক্ত কৰা হৈছে। এফআইআৰত ৮ জন সন্দেহযুক্ত লোকৰ নাম উল্লেখ কৰা হৈছে, যিয়ে দম্পতীহালক গুলীয়াই হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই এফআইআৰত এই ঘটনাৰ লগত জড়িত আন ১৫ জন অচিনাক্ত সন্দেহযুক্ত লোকৰ কথাও উল্লেখ কৰা হৈছে।
এফআইআৰৰ মতে, দম্পতীহালক গুলীয়াই হত্যা কৰাৰ পূৰ্বে এজন জনজাতীয় নেতাৰ ওচৰলৈ লৈ যোৱা হয়। এই জনজাতীয় নেতাই তেওঁলোকক অনৈতিক সম্পৰ্কত (স্থানীয় ভাষাত ‘কৰো কৰি’) জড়িত থকাৰ অভিযোগ উত্থাপন কৰি ফাঁচী দিয়াৰ নিৰ্দেশ দিয়ে। ইয়াৰ পিছত তেওঁলোকক মৰুভূমিলৈ লৈ গৈ গুলীচালনা কৰা হয়। ৰাইজৰ মাজত শংকা আৰু আতংক বিয়পিবলৈ এই হত্যাকাণ্ড সংঘটিত কৰি ছ’চিয়েল মিডিয়াত আপলোড কৰা হৈছিল।
এফআইআৰ অনুসৰি সন্দেহযুক্ত লোক দুজনৰ বিৰুদ্ধে পাকিস্তান দণ্ডবিধিৰ ৩০২ (হত্যা), ১৪৯ (অবৈধ সমাবেশ), ১৪৮ (মাৰাত্মক অস্ত্ৰৰে সজ্জিত দাঙ্গা), ১৪৭ (দাঙ্গা) আৰু পাকিস্তান দণ্ডবিধিৰ সন্ত্ৰাসবাদ বিৰোধী আইন, ১৯৯৭ ধাৰাত গোচৰ ৰুজু কৰা হৈছে। ভিডিঅ’টো প্ৰকাশ পোৱাৰ পিছতে বেলুচিস্তান উচ্চ ন্যায়ালয়ে স্বয়ং গুৰুত্ব দি ২২ জুলাইত বেলুচিস্তানৰ অতিৰিক্ত মুখ্য সচিব আৰু আৰক্ষী মহাপৰিদৰ্শকক আদালতলৈ মাতি আনে।
ইয়াৰ পূৰ্বে আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰি এই দুগৰাকী বিষয়াক উচ্চ ন্যায়ালয়ৰ ৰোষৰ সন্মুখীন হোৱাৰ পৰা ৰক্ষা কৰিছিল। ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে পিপিপিৰ সভাপতি বিলোৱাল ভুট্টো জৰ্দাৰীয়ে সন্দেহযুক্ত লোকক জীৱ-জন্তু বুলি অভিহিত কৰি কয় যে তেওঁলোক কোনো ধৰণৰ ৰেহাইৰ যোগ্য নহয়। জনজাতীয় সিদ্ধান্তৰ নামত হত্যা কৰাটো এক ঘৃণনীয় কাম বুলি কৈছিল প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফে। সন্মানৰ নামত নিষ্ঠুৰতাৰ চক্ৰ বন্ধ হ’ব লাগিব। বেলুচৰ কৰ্মী ছামি দীন বালোচে এই গুলীচালনাক “অনাৰ কিলিং” বুলি অভিহিত কৰিছিল আৰু বেলুচৰ বয়োজ্যেষ্ঠসকলক “মহিলাৰ সিদ্ধান্তক সন্মান” কৰিবলৈ আহ্বান জনাইছিল।
মুখ্যমন্ত্ৰী মিৰ ছাৰফৰাজ বুগটিৰ উদ্ধৃতিৰে এ আৰ ৱাই নিউজ চেনেলে কয় যে গ্ৰেপ্তাৰ হোৱা মূল অভিযুক্ত হৈছে সাতকজাই জনগোষ্ঠীৰ প্ৰধান শ্বেৰবাজ। জনজাতীয় নেতৃত্বই তেওঁলোকৰ বিশিষ্ট মুখীয়ালজনক গ্ৰেপ্তাৰ কৰাৰ সমালোচনা কৰিছে। চৰকাৰী মুখপাত্ৰ শ্বাহিদ ৰিন্দে কয় যে ভিডিঅ’টোত দেখা সকলো ব্যক্তিক চিনাক্ত কৰা হৈছে যদিও তেওঁলোকৰ নাম এতিয়াৰ বাবে গোপন কৰি ৰখা হৈছে।
हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া
