ৰেখা গুপ্তাৰ মুখ্যমন্ত্ৰী হিচাপে পদাৰোহণে দিল্লীৰ ৰাজনীতিত এটা নতুন অধ্যায় সূচনা কৰিছে। বিজেপিয়ে ২৭ বছৰৰ পিছত দিল্লীত ক্ষমতা দখল কৰাৰ লগতে, প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক মুখ্যমন্ত্ৰী ৰূপে নিৰ্বাচিত কৰিছে। শলিমাৰ বাগৰ পৰা প্ৰথমবাৰৰ বাবে বিধায়ক হোৱা ৰেখা গুপ্তাৰ ৰাজনৈতিক যাত্ৰা কাউন্সিলাৰ পদৰ পৰা আৰম্ভ হৈছিল। তেওঁ দিল্লী পৌৰ নিগমৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছে। তলত ৰেখা গুপ্তাৰ জীৱন আৰু ৰাজনৈতিক যাত্ৰা সম্পৰ্কে ১০টা মূল কথা উল্লেখ কৰা হ’ল—
BulletsIn
-
জন্ম আৰু পৰিয়াল – ১৯৭৪ চনত হাৰিয়ানাৰ জিন্দ জিলাৰ নন্দগড় গাঁৱত জন্ম হয়। দেউতাক বেংকৰ চাকৰিৰ বাবে পৰিয়ালসহ দিল্লীলৈ স্থানান্তৰিত হয়।
-
শিক্ষা – ৰেখা গুপ্তাই এলএলবি (LLB) ডিগ্ৰী লাভ কৰিছে।
-
ৰাজনীতিত প্ৰৱেশ – তেওঁ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ (ABVP)ৰ জৰিয়তে ৰাজনীতিত প্ৰৱেশ কৰিছিল।
-
দলত দায়িত্ব – দিল্লী বিজেপিৰ সাধাৰণ সম্পাদক আৰু বিজেপি মহিলা মৰ্চাৰ ৰাষ্ট্ৰীয় উপ-সভানেত্ৰী ৰূপে কৰ্মৰত আছিল।
-
পৌৰ নিগমৰ ভূমিকা – ৰেখা গুপ্তাই দক্ষিণ দিল্লী পৌৰ নিগমৰ মেয়ৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে।
-
নিৰ্বাচনী জয় – ২০২৫ চনৰ দিল্লী বিধানসভা নিৰ্বাচনত শলিমাৰ বাগ আসনৰ পৰা আম আদমী পাৰ্টিৰ প্ৰাৰ্থী বন্দনা কুমাৰীক ৬৮,২০০ ভোটেৰে পৰাস্ত কৰে।
-
পৰিয়াল – স্বামী মনীষ গুপ্তা এগৰাকী বীমা এজেণ্ট আৰু ব্যৱসায়ী। দুটা সন্তান আছে— পুত্ৰ নিকুঞ্জ আৰু কন্যা হৰ্ষিতা।
-
সাম্প্ৰদায়িক পৰিচয় – ৰেখা গুপ্তা বৈশ্য সম্প্ৰদায়ৰ, যাক দিল্লীৰ বিজেপিৰ মূল ভোটব্যাঙ্ক হিচাপে গণ্য কৰা হয়।
-
নতুন মুখ্যমন্ত্ৰী – ২৭ বছৰৰ মূৰত বিজেপিয়ে দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে এগৰাকী মহিলাক নিৰ্বাচিত কৰিলে।
-
পৰিয়ালৰ গৌৰৱ – পৰিয়ালৰ লোকে ৰেখাৰ উন্নতিৰ বিষয়ে গৌৰৱ প্ৰকাশ কৰিছে আৰু শাহুৱেকে কৈছে যে মুখ্যমন্ত্ৰী হোৱাৰ সম্ভাৱনা ৯৯% নিশ্চিত আছিল।
