নতুন দিল্লী, ০৭ আগষ্ট (হি.স.)। ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মিত্ৰজোঁটৰ বিশিষ্ট নেতাসকলৰ বৃহস্পতিবাৰে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচন সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয় । এন ডি এৰ মিত্ৰ দলসমূহে সৰ্বসন্মতিক্ৰমে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ সভাপতি জে পি নড্ডাক উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছে।
সংসদ ভৱন চৌহদত অনুষ্ঠিত এই বৈঠকত অধ্যক্ষতা কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে। এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে পি নাড্ডা, সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু, আৰ পি আই (এ)ৰ মুৰব্বী, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেকে ধৰি বহু নেতা উপস্থিত থাকে।
বৈঠকৰ অন্তত ৰিজিজুৱে সংবাদ মাধ্যমৰ আগত কয় যে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম নিৰ্ণয় কৰিবলৈ প্ৰধানমন্ত্ৰী মোডী আৰু বিজেপিৰ সভাপতি নড্ডাক কৰ্তৃত্ব দিয়া হৈছে। এই সন্দৰ্ভত এক প্ৰস্তাৱো সৰ্বসন্মতিক্ৰমে গৃহীত কৰা হৈছে, য’ত প্ৰধানমন্ত্ৰী মোডী আৰু নাড্ডাক উপ-ৰাষ্ট্ৰপতি পদৰ বাবে এন ডি এৰ প্ৰাৰ্থীক চূড়ান্ত কৰাৰ কৰ্তৃত্ব দিয়া হৈছে। তেওঁলোকৰ এই সিদ্ধান্ত সকলো মিত্ৰজোঁটৰ দলে মানি ল’ব। ৰিজিজুৱে কয় যে আজি উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰা হৈছে।
মনোনয়ন দাখিলৰ অন্তিম তাৰিখ ২১ আগষ্ট, আনহাতে প্ৰয়োজন হ’লে ৯ ছেপ্টেম্বৰত ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সেইদিনা ভোটগণনা হ’ব।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
