
নতুন দিল্লী, ৩০ নৱেম্বৰ (হি.স.)। সোমবাৰৰ পৰা আৰম্ভ হ’বলগীয়া সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে আজি অৰ্থাৎ দেওবাৰে এখন সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰা হৈছে। সৰ্বদলীয় বৈঠকত প্ৰায় দুঘণ্টা ধৰি সকলো দলৰ নেতাই মন্থন চলায়।
সৰ্বদলীয় বৈঠকৰ পিছতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে কয় -কোনোৱেই কোৱা নাছিল যে সংসদৰ কাম-কাজ হব নিদিয়ে বা সদন চলিবলৈ নিদিয়ে। কিছুমান নেতাই কৈছিল যে তেওঁলোকে এছআইআৰক লৈ সদনত হুলস্থুলৰ সৃষ্টি কৰিব পাৰে। মই ইতিবাচকভাৱে কৈছো যে আমি বিৰোধীৰ কথা শুনিবলৈ সাজু… সংসদ সকলোৰে, দেশৰ। সংসদত প্ৰতিটো বিষয়তে আলোচনা কৰাৰ উপায় আছে। নিয়ম আছে, পৰম্পৰা আছে… তেওঁ লোকসভা আৰু ৰাজ্যসভাৰ সুচাৰুৰূপে কাম-কাজৰ বাবে তেওঁলোকৰ সহযোগিতা বিচাৰে।
উল্লেখ্য যে ১৯ ডিচেম্বৰলৈকে চলিব লগা সংসদৰ শীতকালীন অধিৱেশনৰ সময়ত চৰকাৰে পাৰমাণৱিক শক্তি খণ্ড আৰু উচ্চ শিক্ষা সংস্কাৰৰ সৈতে জড়িত ১০খন গুৰুত্বপূৰ্ণ বিধেয়ক উত্থাপন কৰিবলৈ ওলাইছে। বিৰোধীয়ে এছ আই আৰৰ দৰে বিষয়ত চৰকাৰক কোণত ৰখাৰ প্ৰস্তুতি চলাইছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
