নতুন দিল্লী ০৭ আগষ্ট (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকে এ ইউ স্মল ফাইনেন্স বেংক লিমিটেডক ইউনিভাৰ্চেল বেংকলৈ ৰূপান্তৰিত কৰিবলৈ নীতিগত অনুমোদন প্ৰদান কৰিছে। আৰ বি আইৰ তথ্য অনুসৰি এ ইউ ক্ষুদ্ৰ বিত্তীয় বেংকক নীতিগতভাৱে (ইন-প্ৰিন্সিপল) ইউনিভাৰ্চেল বেংক হিচাপে কাম কৰিবলৈ অনুমতি দিয়া হৈছে।
উল্লেখ্য যে ২০১৫ চনত ক্ষুদ্ৰ বিত্তীয় বেংকৰ অনুজ্ঞাপত্ৰ লাভ কৰাৰ পিছত ২০১৭ চনৰ এপ্ৰিল মাহত এ ইউ ক্ষুদ্ৰ বিত্তে যাত্ৰা আৰম্ভ কৰিছিল।এ ইউ এছ এফ বিৰ ২১খন ৰাজ্য আৰু ৪খন কেন্দ্ৰীয় শাসিত অঞ্চলত ২,৫০৫টাতকৈও অধিক বেংকিং নেটৱৰ্ক আছে। এই বেংকৰ ২০২৫ চনৰ জুন মাহৰ শেষলৈকে ১.১৫ কোটিৰো অধিক গ্ৰাহক আৰু কৰ্মশক্তি ৫৩ হাজাৰৰো অধিক। প্ৰথম ত্ৰৈমাসিকত বেংকটোৱে ৫৮১ কোটি টকাৰ নিকা লাভ কৰিছে।
হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া
